ৰান্ধনীৰ প্ৰতিবাদত উত্তাল শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ঘৰৰ পদূলি:প্ৰতিবাদৰ পিছতে শিক্ষামন্ত্ৰীয়ে ক'লে বুধবাৰে আলোচনাত বহাৰ কথা

সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক ৰান্ধনী-সহায়িকা সন্থাৰ প্ৰতিবাদত উত্তাল হ'ল শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বাসগৃহৰ সন্মুখভাগ।মঙলবাৰে সন্থাৰ প্ৰায় তিনি শতাধিক প্ৰতিবাদকাৰীয়ে বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজন বিতৰণৰ দায়িত্ব এনজিঅ'ক দিয়া কাৰ্যৰ বিৰোধিতা কৰাৰ লগতে ৰান্ধনী আৰু সহায়িকাসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে মহানগৰীৰ লাচিতনগৰস্থিত শিক্ষামন্ত্ৰীৰ বাসগৃহৰ সন্মুখভাগ উত্তাল কৰি তোলে। আনহাতে,সন্থাৰ প্ৰতিবাদত সেও মানি শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই বুধবাৰে সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক ৰান্ধনী-সহায়িকা সন্থাৰ সৈতে আলোচনাত বহিব বুলি প্ৰতিশ্ৰুতি দিয়ে। প্ৰতিবাদকাৰীসকলৰ আগত এই বিষয়ে শিক্ষামন্ত্ৰীৰ হৈ লিখিতভাৱে প্ৰতিশ্ৰুতি দিয়ে শিক্ষা বিভাগৰ এগৰাকী বিষয়াই। সেই অনুসৰি বুধবাৰে দিনৰ ১১ বজাত জনতা ভৱনত শিক্ষামন্ত্ৰীয়ে আলোচনাত বহিব ৰান্ধনী সন্থাৰ নেতৃত্বৰে। গুৰুত্বপূৰ্ণ কথা এই যে বুধবাৰৰ আলোচনা ইতিবাচক নহ'লে অনাগত দিনত ইয়াতকৈ ভয়ংকৰ আন্দোলনৰ হুংকাৰ দিয়ে সন্থাৰ উপ-সভাপতি কুদেজা খাতুনে।সেই অনুসৰি ৰেল পথ অৱৰোধ, জনতা ভৱনৰ সন্মুখত আমৰণ অনশনৰ দৰে কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে।

Your Comments