নলবাৰী জিলালৈ স্বাগতমৰ তোৰণ উদ্বোধন বিধায়ক অশোক শৰ্মাৰ

Pic
বাহাৰঘাটৰ পৰা নৰেন শৰ্মা: সোমবাৰে নলবাৰী জিলাৰ পূব প্ৰান্তত থকা নোনা নদীৰ পাৰত নলবাৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা নলবাৰী জিলালৈ স্বাগতম জনোৱাৰ বাবে এখন আদৰণী তোৰণ নিৰ্মান কৰি তোলাৰ পিচত গধূলি উদ্বোধন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই৷উক্ত অনুষ্ঠানত উপস্থিত থাকে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভুষণ দেৱ চৌধুৰী,অতিৰিক্ত উপায়ুক্ত উদায়দিত‍্য গগৈ,ৰাজহ চক্ৰ বিষয়া জোনটি ডেকা,ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,ঘগ্ৰাপাৰ গাঁওপঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মাকে ধৰি ভালেসংখ্যক নাগৰিক তথা বিজেপি নেতা-কৰ্মী৷ তোৰণখন মুকলি কৰি বিধায়কগৰাকীয়ে কয় যে আগন্তুক দিনত নলবাৰীৰ গণেশ মন্দিৰতো এখন তোৰণ নিৰ্মাণৰ কাম অতি শীঘ্ৰ সম্পন্ন কৰা হ'ব বুলি সদৰি কৰে।নলবাৰী ৰাস মহোৎসৱলৈ ভক্তপ্ৰাণ ৰাইজক আদৰণি জনোৱাৰ লগতে নলবাৰীলৈ সকলোকে আদৰণি জনোৱাৰ বাবে স্থায়ীভাৱে তোৰণখন নলবাৰী জিলা প্ৰশাসনে স্থাপন কৰিছে।

Your Comments