২৫সংখ্যক 'মুনীন বৰকটকী বঁটা-২০১৯'বাবে নিৰ্বাচিত বকতাৰ যুৱ কবি অংকুৰ ৰঞ্জন ফুকন

ANKUR

প্ৰথিতযশা সাহিত্যিক-সমালোচক তথা  সাংবাদিক মুনীন বৰকটকীৰ স্মৃতিত প্ৰতিষ্ঠিত ন্যাসে ঘোষণা কৰিলে 'মুনীন বৰকটকী সাহিত্য বঁটা-২০১৯'। ন্যাসে ঘোষণা কৰা ২৫ সংখ্যক বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে প্ৰতিভাৱান যুৱ কবি তথা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ অংকুৰ ৰঞ্জন ফুকনক।অসমীয়া ভাষাৰ তৰুণ লেখক-লেখিকাসকলক উদগনি জনোৱাৰ উদ্দেশ্যেৰে ১৯৯৫ চনৰ পৰা ন্যাসে প্ৰদান কৰি আহিছে এই বঁটা।উল্লেখ্য যে অংকুৰ ৰঞ্জন ফুকনৰ 'ৎ' কাব্যগ্ৰন্থৰ পাণ্ডুলিপিৰ বাবে তেওঁক প্ৰদান কৰা হ'ব এই বঁটা।

 শিৱসাগৰ জিলাৰ বকতাৰ বিপুল ফুকন আৰু মামণি ফুকনৰ জ্যেষ্ঠ পুত্ৰ অংকুৰ ৰঞ্জন ফুকন।পুত্ৰ বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰে এতিয়া আনন্দিত কৰি তুলিছে পিতৃ-মাতৃৰ লগতে বকতাবাসীক।গুৰুত্বপূৰ্ণ কথা এই যে  অংকুৰ ৰঞ্জন ফুকনে দুটা বছৰৰ পূৰ্বে দিল্লীত অনুষ্ঠিত হোৱা সাহিত্য একাডেমিৰ এক বিশেষ অনুষ্ঠানতো অসমৰ হৈ অংশগ্ৰহণ কৰিছিল।

মুনিন বৰকটকী স্মাৰক ন্যাসে প্ৰদান কৰিব লগা বঁটাত আছে নগদ ৫০হাজাৰ টকা,এটা স্মাৰক আৰু এখন প্ৰশস্তি পত্ৰ।

আনহাতে অংকুৰ ৰঞ্জন ফুকনৰ উপৰিও যুৱ গল্পকাৰ মনোৰঞ্জন বড়িলৈ "ম'হ-যখ" নামৰ গল্পৰ পাণ্ডুলিপিৰ বাবে প্ৰদান কৰা হৈছে 'মুনীন বৰকটকী সাহিত্য বঁটা-২০১৯'।

Your Comments