চৰাইদেউ জিলা মইনা পাৰিজাতৰ ষষ্ঠ দ্বি-বাৰ্ষিক শিশু সমাৰোহ সম্পন্ন

Pic

সোণাৰিৰ পৰা ঘন বৰা:

সদৌ অসম মইনা পাৰিজাতৰ অধীনস্থ চৰাইদেউ  জিলা মইনা পাৰিজাতৰ ষষ্ঠ দ্বি-বাৰ্ষিক শিশু সমাৰোহ এদিনীয়া কাৰ্যসূচীৰে পূৰ্বাঞ্চল উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি পুৱা পৰিৱেশ নিকাকৰণ,পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণৰ পিছতে মইনাসকলে মাৰ্চ-পাষ্ট প্ৰদৰ্শন কৰে। মইনাসকলৰ মাজত অনুষ্ঠিত হোৱা ক্ৰীড়া প্ৰতিযোগিতা উদ্বোধন কৰে সূৰুযমুখী মইনা পাৰিজাতৰ মইনা সৃষ্টিশীল বৰগোহাঁয়ে।চিত্ৰাংকন প্ৰতিযোগিতা উদ্বোধন কৰে অংকুৰন মইনা পাৰিজাতৰ মইনা শশাংকৰ শৰ্মাই।

Pic

একেদৰে মইনাসকলৰ মাজত অনুষ্ঠিত হোৱা কবিতা আবৃত্তি প্ৰতিযোগিতা উদ্বোধন কৰে শেৱালি বিকাশ মইনা পাৰিজাতৰ‌ মইনা গৌতম বড়া আৰু আকস্মিক বক্তৃতা উদ্বোধন কৰে কাঞ্চনজ্যোতিৰ  মইনা শ্যামনজিতা আৰন্ধৰাই। দিনমনি মইনা পাৰিজাতৰ মইনা ভাস্বতী বড়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা আৰু বঁটাৰ বিতৰণী সভাত নিৰ্দিষ্ট বক্তা ৰূপে কাঞ্চনজ্যোতি মইনা পাৰিজাতৰ মইনাদ্বয়  মৌচুমী চেতিয়া আৰু মইনা অতিথিৰূপে প্ৰিয়াংকু চেতিয়াই অংশগ্ৰহণ কৰে।ইয়াৰোপৰি,উক্ত শিশু সমাৰোহত সদৌ অসম মইনা পাৰিজাতৰ সহ সম্পাদক মোহন চন্দ্ৰ দত্ত,সুৰ্যকান্ত চেতিয়া,পদ্মেশ্বৰ আৰন্ধৰা ,অৱনি বড়া অনিল শৰ্মা, নলিনী আইদেউ আদি কৰি কেইবাজনো অতিথি উপস্থিত থাকে।

Your Comments