গুৰুজনাৰ অভিনৱ সৃষ্টি ভাওনাক বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰয়াস:ডুবাইত অসমীয়া শিল্পীৰ ইংৰাজী ভাষাত ভাওনা প্ৰদৰ্শন 

Pic

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ বিশেষ প্ৰতিবেদন:

অসমৰ অভিনয় জগতত নতুন সংযোজন ঘটাই অসমৰ সাংস্কৃতিক জগতৰ বাবে উৎসাহৰ খবৰ লৈ অসমৰ এক সামাজিক সাংস্কৃতিক অনুষ্ঠান “প্ৰজন্ম উন্মেষ”ৰ উদ্যোগত,ইউএই অসমীয়া সমাজ  আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগিতাত যোৱা ১ নৱেম্বৰত মধ্যপ্ৰাচ্যৰ মৰুনগৰী ডুবাইৰ বি এচ আৰ প্ৰেক্ষাগৃহত অৰূপ শইকীয়াই ব্যতিক্ৰমী পৰিচালনাত আৰু গিৰিমল্লিকা শইকীয়া আৰু গিতীমল্লিকা বৈদ্যৰ সমন্বয়ত ইংৰাজী ভাষাত সফলতাৰে প্ৰদৰ্শন কৰা হ’ল গুৰুজনাৰ অংকীয়া নাট “কেলি গোপাল” আৰু “ৰাৱন বধ” ভাওনা । সংযুক্ত আৰৱ আমীৰ শ্বাহীৰ বহুসংখ্যক গণ্যমাণ্য ব্যক্তিৰ উপস্থিতিত “ইউ এ ই অসমীয়া সমাজ”ৰ সক্ৰিয় অংশগ্ৰহণৰে  বি এচ আৰ প্ৰেক্ষাগৃহত এই ভাওনা দুখনি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে প্ৰৱাসী ভাৰতীয় উদ্যোগী পদ্মশ্ৰী ডাঃ বি আৰ চেট্টীয়ে৷ দেশী বিদেশী (লেবানন, অষ্ট্ৰেলিয়া, চৌদি আৰৱ আদিৰ) দৰ্শকৰ উপৰিও অসমৰ পৰাও সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু বিধায়ক ৰূপক শৰ্মাৰ লগতে  কেইবাগৰাকীও সন্মানীয় ব্যক্তি ভাওনাত উপস্থিত থাকে ।উল্লেখযোগ্য যে জামুগুৰিহাটৰ উদ্যোগী যুৱক তথা “প্ৰজন্ম উন্মেষ”ৰ এজন কৰ্মকৰ্তা অৰূপ শইকীয়াই “কেলি গোপাল” আৰু “ৰাৱন বধ” ভাওনা দুভাগৰ ইংৰাজী অনুবাদ কৰিছিল । কেৱল সংলাপেই নহয়, ভাওনাৰ গীত, বিলাপ, পয়াৰ সকলোৱেই ইংৰাজী ভাষাত পৰিবেশন কৰা হৈছিল ৷ পৰম্পৰাগত সুৰ আৰু ভাওনাৰ বিশেষ সংলাপ নিক্ষেপন শৈলী অক্ষুন্ন ৰাখি ইংৰাজী ভাষাত পৰিবেশন কৰাৰ দৰে প্ৰত্যাহ্বানো শিল্পী সকলে অতিক্ৰম কৰিবলৈ সমৰ্থ হৈছিল ৷ উল্লেখযোগ্য যে এই ভাওনাভাগিৰ প্ৰদৰ্শনৰ সময়ত কেৱল ভাষাৰ বাহিৰে ভাওনাৰ সকলো ৰীতিনীতি সম্পূৰ্ণ অক্ষত ৰাখি প্ৰদৰ্শন কৰাৰ দিহা কৰা হৈছিল ৷ অভিনয় কালত নামপ্ৰসংগ, পূৰ্বৰংগ পৰা কল্যানখৰমানলৈকে, আঁৰিয়া অগ্নিগড়ৰ পৰা সূত্ৰধাৰলৈকে সকলোতে ভাওনাৰ আংগিক বৈশিষ্ট্য ৰক্ষাত গুৰুত্ব আৰোপ কৰা হৈছিল ৷ অভিনয় কৰা শিল্পীসকল অসমৰ বিভিন্ন স্থানৰ । উল্লেখযোগ্য যে গুৰুজনাৰ আদৰ্শৰে উদ্বুদ্ধ “প্ৰজন্ম উন্মেষ”ৰ দলটিত ইচলামধৰ্মী শিল্পী এগৰাকীয়েও অভিনয় কৰি সমন্বয়ৰ আদৰ্শ স্থাপন কৰিছে ৷এই ভাওনা প্ৰদৰ্শনে সকলোৰে সমাদৰ লাভ কৰাৰ উপৰিও “সংযুক্ত আৰৱ আমীৰ শ্বাহী”ৰ অসমীয়া আৰু অনাঅসমীয়া সকলে বিশেষভাৱে আদৰি লোৱা পৰিলক্ষিত হৈছিল ৷ সচেতন মহলে অসমৰ অনন্য সংস্কৃতি, গুৰুজনাৰ অপূৰ্ব সৃ্‌ষ্টি ভাওনাক বিশ্বদৰবাৰলৈ লৈ যাবলৈ চলোৱা “প্ৰজন্ম উন্মেষ”ৰ এই অভিনৱ প্ৰচেষ্টাৰ বিশেষ শলাগ লৈছে ৷ ইংৰাজী ভাষাৰ মাধ্যমেৰে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ গুৰুজনাৰ সাংস্কৃতিক অৱদান সমূহ প্ৰসাৰ ঘটোৱাৰ প্ৰচেষ্টা সমূহৰ বাস্তৱ ৰূপেই হ’ল “কেলিগোপাল” আৰু “ৰাৱন বধ” ভাওনাৰ অভিনৱ অভিনয় ৷

Your Comments