১২ নৱেম্বৰৰ পৰা বঙাইগাঁৱত ১৫ দিনীয়া ৰাস মহোৎসৱ

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

 বিগত বছৰৰসমূহৰ দৰে এইবাৰো বাৰোৱাৰী পূজা কমিটিৰ উদ্যোগত ১২ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ ১৫ দিনীয়া কাৰ্যসূচীৰে বঙাইগাঁও গান্ধী ময়দানৰ গাতে লাগি থকা বাৰোৱাৰী ৰাস মন্দিৰ প্ৰাংগণত ঐতিহ্যমণ্ডিত ৯৯ সংখ্যক শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উদযাপিত হ'ব ৷ বাৰোৱাৰী পূজা কমিটীৰ সাধাৰণ সম্পাদক বিনোদ কুমাৰ ভাগৱতীয়ে জানিবলৈ দিয়া মতে ১২ নৱেম্বৰৰ বিয়লি ৫ বজাত অসম চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক ফনীভূষণ চৌধুৰীয়ে ৰাস মহোৎসৱৰ শুভ উদ্বোধন কৰিব ৷ ইয়াৰ পিচতে অনুষ্ঠিত হ'ব উদ্বোধনী সভা ৷ উদ্বোধনী সভাত জিলা উপায়ুক্ত আদিল খানে মুখ্য অতিথি, জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনণোৱালে বিশিষ্ট অতিথি আৰু গুৱাহাটীৰ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° নৃপেন্দ্ৰ নাথ শৰ্মাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব ৷ ৰাস মহোৎসৱত বৃহত্তৰ বঙাইগাঁওবাসী ৰাইজৰ সহায়-সহযোগিতা তথা উপস্থিতি কামনা কৰিছে বাৰোৱাৰী পূজা কমিটীয়ে।

Your Comments