গান্ধী পৰিয়ালৰ এছপিজি প্ৰত্যাহাৰৰ প্ৰতিবাদত অসম কংগ্ৰেছৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ

Pic

কেন্দ্ৰীয় গৃহ বিভাগে গান্ধী পৰিয়ালৰ এছপিজি নিৰাপত্তা প্ৰত্যাহাৰৰ বিৰোধিতাৰে ৰিপুণ বৰাৰ নেতৃত্বত  অসম প্ৰদেশ কংগ্ৰেছে ৰূপায়ণ কৰে ৰাজভৱন ঘেৰাও কাৰ্যসূচী।সোমবাৰে গুৱাহাটী মহানগৰীৰ গুৱাহাটী ক্লাবৰ গোল চকত আৰম্ভ হোৱা ৰাজভৱন ঘেৰাও কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ  সভাপতিৰ উপৰিও উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী ক্ৰমে অজন্তা নেওগ,ৰকিবুল হুছেইন, অকণ বৰা, সাংসদ আব্দুল খালেক, যুৱ নেতা মানস বৰা প্ৰমুখ্যে প্ৰায় তিনি শতাধিক কংগ্ৰেছ কর্মী।

কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপি শংকিত হোৱা বুলি অভিযোগ তুলি সভাপতি ৰিপুণ বৰাই কয়-'ৰাহুল গান্ধী, ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে বিজেপি চৰকাৰৰ জনবিৰোধী নীতিসমূহৰ বিষয়ে দেশৰ ইমূৰৰ পৰা সিমূৰলৈ গৈ সভা-সমিতি পাতি ৰাইজক জাগ্ৰত কৰিছে।নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে দেখিছে এনেদৰে যদি এই নেতাসকল ঘূৰি ফুৰে,তেতিয়া বিজেপি শাসন দেশত আৰু নাথাকিব,উফৰি যাব। সেই বাবে তেওঁলোকৰ ঘূৰা-ফুৰা বন্ধ কৰি প্ৰতিবাদী কণ্ঠ স্তব্ধ কৰি সমগ্ৰ দেশৰ কংগ্ৰেছ কর্মীসকলক ভীতিগ্রস্ত কৰি তুলিবৰ বাবে অগণতান্ত্ৰিকভাৱে এছপিজি প্ৰত্যাহাৰ কৰিছে।তেওঁলোকে ভয় খাইছে আৰু আক্ৰোশমূলকভাৱে ৰাজনৈতিক প্ৰতিশোধ লৈছে।মহান নেতাৰ জীৱনক লৈ তেওঁলোকে হেতালি খেলিছে।'

আনহাতে,প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পৰিয়ালক এছপিজি নিৰাপত্তা দিয়া ব্যৱস্থা পূৰ্বৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে কৰি যোৱা বুলি উল্লেখ কৰি সভাপতি বৰাই কংগ্ৰেছৰ মহানুভৱতাৰ উদ্ধৃতি দি কয়-'যেতিয়া অটল বিহাৰী বাজপেয়ী প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল আৰু তেওঁ তিনি-চাৰি বছৰ শয্যাগত হৈ আছিল,তেওঁক এছপিজি নিৰাপত্তাৰ কোনো প্ৰয়োজন নাছিল।কাৰণ কোঠাৰ ভিতৰত তেওঁ সেই সময়ত আছিল।কিন্তু তেতিয়া কংগ্রেছ চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ এছপিজি নিৰাপত্তা প্ৰত্যাহাৰ কৰা নাছিল।এয়া কংগ্ৰেছৰ মহানতা।'

ইফালে এই প্রতিবাদে চৰকাৰক সিদ্ধান্ত পুনৰ বিবেচনা কৰাব বুলি ভাবে নেকি বুলি প্ৰশ্ন কৰাত বৰাই কয়-'পুনৰ বিবেচনা কৰে নকৰে,সেইটো তেওঁলোকৰ কথা।কাৰণ তেওঁলোকে হিটলাৰী,একনায়কত্ব শাসন চলাইছে।দেশবাসীৰ ওচৰত কংগ্ৰেছ কর্মী হিচাপে লৈ যোৱাটো আমাৰ প্ৰধান লক্ষ্য।' 

ইফালে,কংগ্ৰেছৰ কাৰ্যসূচী আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ৱেষ্টনীত আগবাঢ়িবলৈ নিদিলে।সেই সন্দৰ্ভত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বিজেপিক সমালোচনা কৰি কয়-'তেওঁলোকে গণতান্ত্ৰিকভাৱে আন্দোলন কৰা কংগ্ৰেছ কর্মীসকলক আজি আটক কৰিছে।এই আটক বেছিদিন নচলিব।কাৰণ ৰাইজে তেওঁলোক ২০২১আটক কৰিব ।'

আনহাতে,আৰক্ষী প্ৰশাসনৰ বাধাৰ বাবে কংগ্ৰেছ কর্মীসকলে ৰাজভৱনলৈ যাব নোৱাৰিলে।ফলত সভাপতি ৰিপুণ
 বৰাৰ নেতৃত্বত এটা দল গৈ ৰাজ্যপালক সাক্ষাৎ কৰি গান্ধী পৰিয়ালৰ এছপিজি প্ৰত্যাহাৰ বাতিলৰ দাবীৰে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

Your Comments