'মাজুলী ৰাস মহোৎসৱ-১০১৯'ৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

Pic

ৰাজীৱ পাতিৰ,মাজুলী:

মাজুলী জিলাৰ গড়মূৰ মিনি ষ্টেডিয়ামত সোমবাৰে  'মাজুলী ৰাস মহোৎসৱ-২০১৯'ৰ শুভাৰম্ভণি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সোণোৱালে মাংগলিক কাৰ্যসূচী হিচাপে বন্তি প্ৰজ্বলন কৰে।অনুষ্ঠানত গড়মূৰ সৰু সত্ৰৰ শিল্পীৰ দলে 'মহাৰাস'ৰ গীত-নৃত্য পৰিৱেশন কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইবাৰ মাজুলীত ৰাসলীলা আয়োজন কৰা ৫৮ খন ৰাস আয়োজক সমিতিৰ বিষয়ববীয়াক সম্বৰ্ধনা জনায়।

ৰাস

তদুপৰি, সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নৱ কুমাৰ দলে ,পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা ,সাংসদ প্ৰদান বৰুৱা আদিকে ধৰি কেইবাগৰাকী বিশিষ্ট বক্তিয়ে  অংশগ্ৰহণ কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে অসম পৰ্যটন উন্নয়ন নিগমে মাজুলীৰ ৰাসক লৈ প্ৰকাশ কৰা এখন পুস্তিকা উন্মোচন কৰাৰ লগতে ৰাসলীলা দৰ্শনৰ বাবে অহা বাহিৰৰ পৰ্যটকৰ বাবে গড়মূৰ মিনি ষ্টেডিয়ামত নিগমে ব্যৱস্থা কৰা অস্থায়ী আৱাস (মুকলি আকাশৰ তলৰ টেণ্ট) এটাও মুকলি কৰে। ইয়াৰ পিছত দক্ষিণপাট সত্ৰ আৰু উত্তৰ কমলাবাৰী সত্ৰ ৰাসথলীত উপস্থিত হয় ।

Your Comments