আক্ৰাছুৰ অভিযোগ-'পুনৰ সংগঠনটোক বিভাজন কৰাৰ বাবে উঠি পৰি লাগিছে প্ৰাক্তন সভাপতি হিতেশ্বৰ বৰ্মণ'

Pic

বঙাইগাঁৱৰ  প্ৰতিবেদক:

কোচ ৰাজবংশী জাতিৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু ২০০৩ চনৰ পৰা দ্বিবিভক্ত হৈ থকাৰ পিচত জাতিটোক নিস্বাৰ্থভাৱে ভাল পোৱা কোচ ৰাজবংশী জনগোষ্ঠীটোৰ কিছুমান অগ্ৰজ ব্যক্তি আৰু যুৱ চামে ঐক্যৱদ্ধ হৈ জাতিৰ বৃহত্তৰ স্বাৰ্থত বিগত ২০১৮ চনত কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ ময়নাৰ তলত দুই বিভাজিত গোটৰ  প্ৰতিনিধিৰ সহমতত একত্ৰিত হৈছিল যদিও সংগঠনটোক পুনৰ একাংশই বিভাজন কৰিবলৈ উঠি পৰি লাগিছে বুলি আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়, সাধাৰণ সম্পাদক গোকুল বৰ্মণ আৰু মুখ্য উপদেষ্টা প্ৰদীপ ৰায়ে অভিযোগ কৰিছে ৷ এটা প্ৰেছ বিবৃতিত সংগঠনটোৰ নেতাত্ৰয়ে উল্লেখ কৰা মতে ময়নাৰ তলত দুই বিভাজিত গোটৰ প্ৰতিনিধিৰ সহমতত বৰ্তমানৰ সভাপতি অৰুণ কুমাৰ ৰায়ক সভাপতি আৰু গোকুল বৰ্মণক সাধাৰণ সম্পাদক হিচাপে লৈ এখন পূৰ্ণাংগ আৰু শক্তিশালী আক্ৰাছুৰ কেন্দ্ৰীয় সমিতি গঠন হৈছিল ৷ ময়নাৰ তলত অৰুণ কুমাৰ ৰায়ৰ নেতৃত্বত গঠন হোৱা সমিতিখনে  ইতিমধ্যে জাতীয় সংগ্ৰামখন শক্তিশালী ৰূপত আগুৱাই লৈ গৈ আছে ৷ কিন্তু এচাম তথাকথিত ভণ্ড জাতিপ্ৰেমী লোকে ২০০৩ চনৰ পৰা বিভিন্ন কৌশল কৰি আক্ৰাছুত অথন্তৰ লগাই বিভাজন কৰি আহিছে ৷ সেইসকলৰ ফান্দত পৰি আক্ৰাছুৰ প্ৰাক্তন সভাপতি তথা বহিষ্কৃত নেতা হিতেশ্বৰ বৰ্মণে পুনৰ আক্ৰাছুক দ্বিখণ্ডিত কৰিব ওলাইছে ৷ হিতেশ্বৰ বৰ্মণ আক্ৰাছুৰ সভাপতি হৈ থাকোতে সোঁৱে বাওে পাহাৰ সদৃশ টকা ঘটি এতিয়া পুনৰাই একেই উদ্দেশ্য লৈ আক্ৰাছুৰ নেতৃত্ব ল'ব খুজিছে বুলিও বিবৃতিটোত নেতাত্ৰয়ে অভিযোগ উত্থাপন কৰি আৰু কয় যে হিতেশ্বৰ বৰ্মণ, কমল ৰায় আৰু পূৰেণ ৰায়ক ইতিমধ্যে আক্ৰাছুৰ সংবিধান অনুসৰি সংগঠন বিৰোধী কাৰ্যত লিপ্ত থকাৰ কাৰণে অব্যাহতি দিয়া হৈছিল ৷ তেঁওলোকে এতিয়া আক্ৰাছুৰ নাম লৈ একেই সংগঠন গঠন কৰাৰ কোনো কৰ্তৃত্ব নাই ৷ আক্ৰাছুৰ এখন নিজৰ  সংবিধান আছে ৷ হিতেশ্বৰ বৰ্মণ কোনখন সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি প্ৰতিনিধি সভা আহ্বান কৰিব পাৰে বুলিও প্ৰশ্ন উত্থাপন কৰি কয় যে ফকিৰাগ্ৰামৰ একত্ৰিকৰণৰ মুকলি সভাত হিতেশ্বৰ বৰ্মণে সভাপতিত্ব কৰি নিজেই ঘোষণা কৰিছিল যে 'এইবাৰ আক্ৰাছুক কোনোবাই পুনৰাই বিভক্ত কৰিব খুজিলে এৰি দিয়াত নাই'৷ কিন্তু এতিয়া সেই হিতেশ্বৰ বৰ্মণে নিজে নিজৰ বক্তব্য ভংগ কৰি আক্ৰাছুক পুনৰ বিভাজনৰ ক্ষেত্ৰত মুখ্য পৃষ্ঠপোষকতাত লিপ্ত হৈ জাতিক লজ্জানত কৰি আক্ৰাছুক নিজৰ পৈতৃক সম্পতি কৰিব খুজিছে ৷ সেয়ে ইতিহাসে হিতেশ্বৰ বৰ্মণ আৰু তেওঁৰ সাংগো -পাংগোক কেতিয়াও ক্ষমা নকৰে ৷ বিবৃতিটোত আক্ৰাছু নেতাত্ৰয়ে হিতেশ্বৰ বৰ্মণক বিপিএফ আৰু  হীৰা শৰণীয়াৰ, কমল ৰায় ৰাভা সংগঠন আৰু পূূূৰেণ ৰায় আৰএছএছৰ সদস্য বুলি অভিযোগ উত্থাপন কৰি পূৰেণ ৰায়ে ইতিমধ্যে আৰএছএছৰ প্ৰশিক্ষণ লৈছে বুলিও উল্লেখ কৰে ৷ আনহাতে,আক্ৰাছুৰ কমল ৰায় গোটে টংলাত অনুষ্ঠিত কৰিব লগীয়া প্ৰতিনিধি সভাৰ আন এগৰাকী পৃষ্ঠপোষক হেমপ্ৰভা দেৱী কংগ্ৰেছ দলৰ পাতি নেত্ৰী বুলি উল্লেখ কৰি প্ৰতিনিধি সভা আক্ৰাছুৰ কেন্দ্ৰীয় প্ৰতিনিধিৰ প্ৰস্তাৱ অনুসাৰে আৰু সকলো জিলাৰ উপস্থিতিতহে কেন্দ্ৰীয় প্ৰতিনিধি সভা আহ্বান কৰিব পাৰে যদিও কোনো বহিষ্কৃত বা অব্যাহতি দিয়া ব্যক্তিয়ে প্ৰতিনিধি সভা আহ্বান কৰাৰ কৰ্তৃত্ব নাই বুলিও নেতাত্ৰয়ে কয় ৷ গতিকে টংলা তথা কলাইগাঁৱত আক্ৰাছুক বিভাজনৰ উদ্দেশ্যি আহ্বান কৰা প্ৰতিনিধি সভা অসাংবিধানিক আৰু অবৈধ বুলি আখ্যা দিয়ে আৰু টংলাৰ সভাখনত ওদালগুৰি আৰু দৰং জিলাৰ কোচ ৰাজবংশীসকলক সহায়- সহযোগ নকৰিবলৈ বিবৃতিটোত আক্ৰাছুৰ সভাপতি, সাধাৰণ সম্পাদক আৰু মুখ্য উপদেষ্টাগৰাকীয়ে  আহ্বান জনাইছে ৷

 

Your Comments