গভীৰ অৰ্থ সংকটত মাজুলী সংগীত মহোৎসৱ উদযাপন সমিতি

ৰাজীৱ পাতিৰ,মাজুলী:

মাজুলীত প্ৰথমবাৰৰ আৰম্ভ কৰা মাজুলী সংগীত মহোৎসৱ উদযাপন কৰাৰ বাবে প্ৰয়োজনীয় নূন্যতম পুঁজিও হাতলৈ আহি নোপোৱাত গভীৰ সংকটত সোমাই পৰিছে উদযাপন সমিতি।মাজুলী মিউজিক ফেষ্টিভেল ফাউণ্ডেচনৰ সম্পাদক জেম পেগুয়ে জনোৱামতে মহোৎসৱলৈ মাজত আৰু মাত্ৰ তিনিটা দিন বাকী থকা সময়তো কোনো শিতানৰ পৰা ধন অহা নাই ।এইক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী,সাংস্কৃতিক মন্ত্ৰী তথা বিভিন্ন বিভাগৰ মন্ত্ৰীক সাক্ষাৎ কৰি অনুষ্ঠানৰ বাবে আৰ্থিক সহায় বিচাৰি আবেদন কৰিছে যদিও বৰ্তমানলৈকে শূন্য অৱস্থাত আছে।অৱশ্যে এতিয়াও ৰাজ্য চৰকাৰে মাজুলী সংগীত মহোৎসৱৰ বাবে সহযোগিতা আগবঢ়াব বুলি আশা ব্যক্ত কৰে সম্পাদক জেম পেগুয়ে।

Your Comments