মাজুলীৰ জেংৰাইমুখৰ বৰপমুৱা গাঁৱত দুই শতাধিক মূল্যৱান গছ পুলি ৰোপণ

Pic

ৰাজীৱ পাতিৰ,মাজুলী:

মাজুলী মিউজিক ফেষ্টিভেল ফাউণ্ডেচনৰ উদ্যোগত 'গোল্ডেন এণ্ড গ্ৰীণ ড্ৰীম অব আছাম'ৰ সহযোগত দেওবাৰে জেংৰাইমুখৰ বৰপমুৱা গাঁৱত দুই শতাধিক মূল্যৱান গছ পুলি ৰোপণ কৰা হয়।এই কাৰ্যসূচীৰ এজোপা গছ পুলি ৰোপণ কৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত চৰকাৰী উচ্চপদস্থ বিষয়া তথা গোল্ডেন এণ্ড গ্ৰীণ ড্ৰীম অব আছাম সংস্থাৰ স্বত্বাধিকাৰী সত্যেন লাহনে।উল্লেখ্য যে অহা ১৫ নৱেম্বৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে মাজুলী জেংৰাইমুখৰ খেৰকটীয়া নৈৰ  মনোৰম প্ৰাকৃতিক পৰিৱেশত অনুষ্ঠিত হ'ব লগা মাজুলী সংগীত মহোৎসৱৰ অন্যতম কাৰ্যসূচী হৈছে গছ পুলি ৰোপণৰ জড়িয়তে সেউজ পৰিৱেশ গঢ়ি তোলা । সেই উদ্দেশ্যেৰে দেওবাৰে জেংৰাইমুখ তিনিআলিৰ পৰা বৰপমুৱা পাৰঘাট সংযোগী গড়কাপ্তানি পথৰ দুয়োকাষে আম,কঠাল, জামুক,আমলখি আদিকে ধৰি বহু মূল্যৱান গছৰ পুলি ৰোপণ কৰা হয়।এই গছ পুলি তথা অন্যান্য যাৱতীয় সামগ্ৰীৰ সম্পূৰ্ণ বিনামূলীয়াকৈ যোগান ধৰে সংস্থাৰ স্বত্বাধিকাৰী সত্যেন লাহনে। এনে আদৰণিমূলক পদক্ষেপৰ বাবে বিশিষ্ট প্ৰকৃতি কৰ্মী সত্যেন লাহনক বৰপমুৱা গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা ফুলাম গামোচাৰে কঠালগুৰি প্ৰাথমিক বিদ্যালয়ৰ চৌহদত সম্বৰ্ধনা জনোৱা হয়।এই গছ পুলি ৰোপণ তথা সম্বৰ্ধনা অনুষ্ঠানত মাজুলী মিউজিক ফেষ্টিভেল ফাউণ্ডেচনৰ সভাপতি মুকুল দলে,সম্পাদক জেম পেগু,বৰপমুৱা গাঁও উন্নয়ন সমিতিৰ সভাপতি মাজুন দলে , সম্পাদক ভাস্কৰ পেগু,জেংৰাই গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি বিজয় দলে, মিগল দলে,দায়ুড পেগু আদি উপস্থিত থাকে।ইফালে,আসন্ন মাজুলী সংগীত মহোৎসৱ কাৰ্যসূচীত দেশী-বিদেশী পৰ্যটক,অসম-উত্তৰ পূৰ্বাঞ্চলৰ লগতে মুম্বাইৰ পৰা আহিব লগা বৰেণ্য শিল্পী তথা দৰ্শকৰ যাতায়তৰ সুবিধা কৰাৰ প্ৰতি লক্ষ্য ৰাখি মহোৎসৱথলীলৈ যোৱা পথ জেংৰাইমুখ তিনিআলিৰ পৰা বৰপমুৱা পাৰঘাট সংযোগী গড়কাপ্তানি পথৰ বিধ্বস্ত অৱস্থা দূৰ কৰাৰ বাবে সংলিষ্ট মাজুলী জিলা গড়কাপ্তানি বিভাগ আৰু জিলা প্ৰশাসনক মাজুলী মিউজিক ফেষ্টিভেল ফাউণ্ডেচনৰ তৰফৰ পৰা অনুনয়-বিনয় কৰা হৈছিল যদিও পুঁজিৰ দোহাই দি কোনো সঁহাৰি লাভ কৰা নহ'ল। ৰাইজৰ পৰা লাভ কৰা দান-বৰঙণিৰে ফাউণ্ডেচনে বৰপমুৱা গাঁও উন্নয়ন সমিতিৰ সহযোগত মাটি পেলাই পথ মেৰামতিৰ ব্যৱস্থা দেওবাৰৰে পৰা আৰম্ভ কৰা হৈছে।পৰিৱেশ পৰিস্কাৰ-পৰিছন্ন কৰি ৰখাৰ বাবেও বৰপমুৱা গাঁৱৰ বিভিন্ন অংশত প্ৰায় দুই শতাধিক ডাষ্টবিন স্থাপন কৰা হৈছে।

Your Comments