'দৃঢ়তা আৰু সাহসৰ বাবে ভাৰতবৰ্ষই মনত ৰাখিব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক'

Pic

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ সৈতে কাম কৰিবলৈ পোৱাটো গৌৰৱৰ বিষয়-দেওবাৰে গুৱাহাটীৰ মাছখোৱা প্ৰাগজ্যোতি প্ৰকল্পত অনুষ্ঠিত 'ভাৰতবৰ্ষৰ আদালতসমূহ:অতীতৰ পৰা বৰ্তমানলৈ' শীৰ্ষক গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে কয় দেশৰ মনোনীত মুখ্য ন্যায়াধীশ শাৰদ অৰৱিন্দ ব'বডেই।তেওঁ লগতে কয় যে মুখ্য ন্যায়াধীশ গগৈৰ গুণ আৰু কৰ্মপদ্ধতি অতি শক্তিশালী হোৱাৰ বাবে কোনো বিষয় অশুদ্ধকৈ গৃহীত হ'বলৈ নোৱাৰে।অনুষ্ঠানত উপস্থিত থকা ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰই ভাষণ প্ৰসংগত মন্তব্য কৰে যে দৃঢ়তা আৰু সাহসৰ বাবে ভাৰতবৰ্ষই মনত ৰাখিব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক।আনহাতে,ন্যায়াধীশ হৃষীকেশ ৰয়ে ৰঞ্জন গগৈৰ নেতৃত্বৰ উচ্চ প্ৰশংসা কৰে।মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অযোধ্যা বিবাদ গোচৰৰ ঐতিহাসিক ৰায় দিয়াৰ সন্দৰ্ভতে উল্লিখিত ন্যায়াধীশসকলে অসম সন্তান ৰঞ্জন গগৈৰ এনেদৰে শলাগ লয়।

Your Comments