দিনে দিনে বৃদ্ধি পাইছে শিশু সৰবৰাহৰ ঘটনা: কেৱল গুৱাহাটী ৰেলৱে চাইল্ড লাইনে উদ্ধাৰ কৰিছে ১৫৯১ টা শিশু

Pic

সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে শিশু শ্ৰমিক উদ্ধাৰৰ ঘটনা।শিশু শ্ৰমিক ব্যৱহাৰ বন্ধ কৰাৰ বাবে বিভিন্ন সময়ত চৰকাৰ তথা প্ৰশাসনে কঠোৰ হোৱাৰ কথা কৈ আহিছে।কিন্তু দুষ্ট চক্ৰই  চৰকাৰ তথা প্ৰশাসনলৈ  ভ্ৰূক্ষেপ নকৰাকৈ বে-আইনীভাৱে ব্যৱহাৰ কৰি আহিছে শিশু শ্ৰমিক।গুৱাহাটী মহানগৰীত বিগত পাঁচ বছৰে ৰেলৱে চাইল্ড লাইনে উদ্ধাৰ কৰা শিশুৰ তথ্যই তাকে পুনৰবাৰ প্ৰমাণ কৰিছে।উল্লেখ্য যে ২০১৫ চনৰ ১০ জুনত প্ৰতিষ্ঠা হোৱা গুৱাহাটী ৰেলৱে চাইল্ড লাইনে চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰলৈকে উদ্ধাৰ কৰিছে মুঠ ১৫৯১টা শিশু।উদ্ধাৰ হোৱা শিশুৰ ভিতৰত ১২১৫টা ল'ৰাৰ বিপৰীতে ৩৭৫ টা কন্যা শিশু।তাৎপৰ্যপূৰ্ণ কথা এই যে গুৱাহাটী ৰেলৱে চাইল্ড লাইনে উদ্ধাৰ কৰা এই পৰিসংখ্যা কেৱল গুৱাহাটী ৰেল ষ্টেচন আৰু কামাখ্যা ৰেল ষ্টেচনৰ।

তেওঁলোকে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৫ চনৰ জুন মাহৰ পৰা ২০১৬ চনৰ মাৰ্চ মাহলৈকে উদ্ধাৰ কৰিছে মুঠ ১৯৯ টা শিশু।তাৰে ১৫২ টা ল'ৰাৰ বিপৰীতে ৪৭ টা কন্যা শিশু।একেদৰে ২০১৬ চনৰ এপ্ৰিলৰ পৰা ২০১৭চনৰ মাৰ্চ মাহলৈ উদ্ধাৰ কৰিছে ৩২১টা শিশু।তাৰে ২৬০টা লৰা বিপৰীতে ৬১টা কন্যা শিশু।২০১৭ চনৰ এপ্ৰিলৰ পৰা ২০১৮ চনৰ মাৰ্চলৈ উদ্ধাৰ কৰিছে ৩৮৭টা শিশু।তাৰে ৩০৭ টা ল'ৰাৰ বিপৰীতে ৮০ টা কন্যা শিশু।২০১৮ চনৰ এপ্ৰিলৰ পৰা ২০১৯ চনৰ মাৰ্চলৈ উদ্ধাৰ কৰিছে ৪৩০ টা শিশু।তাৰে ৩০৭ টা ল'ৰাৰ বিপৰীতে ১২৭ টা কন্যা শিশু।আনহাতে চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে ছয়টা মাহত উদ্ধাৰ কৰিছে ২৫৪ টা শিশু।তাৰে ১৯০টা ল'ৰাৰ বিপৰীতে ৬৪ টা কন্যা শিশু।

মন কৰিব লগা কথা এই যে গুৱাহাটী ৰেলৱে চাইল্ড লাইনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি উদ্ধাৰ হোৱা শিশুসমূহ মূলত: সৰবৰাহকাৰী আৰু বিভিন্ন ব্যক্তিয়ে শ্ৰমিক হিচাপে নিয়োজিত কৰিবলৈ নিয়াৰ সময়ত উদ্ধাৰ কৰা।

Your Comments