গান্ধী পৰিয়ালত এছপিজি নিৰাপত্তা বাহাল ৰখাৰ দাবীত কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী ঘোষণা

Pic

'বিজেপি চৰকাৰ প্ৰতিশোধপৰায়ণ।বিজেপিৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে দেশৰ প্ৰতিগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ লগতে তেওঁৰ পৰিয়াল যাতে সদায় সুৰক্ষিত হয়,তাৰ বাবে আইনৰ জৰিয়তে  এছপিজি নিৰাপত্তা ব্যৱস্থা কৰিছিল।কিন্তু সেই বিজেপিৰে গৃহ বিভাগে এতিয়া গান্ধী পৰিয়ালে দীর্ঘদিনৰ পৰা পাই অহা এছপিজি নিৰাপত্তা ব্যৱস্থা কৰ্তন কৰিছে।এয়া গৃহমন্ত্ৰী অমৃত শ্বাহ আৰু বিজেপি দলৰ প্ৰতিশোধপৰায়ণতাৰ স্বৰূপ'- এই ভাষ্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাৰ।'নিখিল ভাৰত কংগ্ৰেছ দলৰ শীর্ষ নেতৃত্ব তথা প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ       সহধৰ্মিনী ছোনিয়া গান্ধী,পুত্ৰ ৰাহুল গান্ধী আৰু কন্যা প্ৰিয়ংকা গান্ধীয়ে পিতৃ প্ৰধানমন্ত্ৰী হোৱাৰ বাবে  লাভ কৰিছিল এছপিজি নিৰাপত্তা ব্যৱস্থা।কিন্তু শুকুৰবাৰে কেন্দ্ৰীয় গৃহ বিভাগে গান্ধী পৰিয়ালে লাভ কৰা এছপিজি নিৰাপত্তা ব্যৱস্থা কৰ্তন কৰি তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি দিছে   বিজেপিয়ে।'

'কাৰণ ইতিহাস আছে পূৰ্বৰ ভি পি সিং চৰকাৰে ৰাজীৱ গান্ধীৰ প্ৰধানমন্ত্ৰিত্বৰ    কার্যকাল শেষ হোৱাৰ পিছত তেওঁ লাভ কৰা এছপিজি নিৰাপত্তা ব্যৱস্থা কৰ্তন কৰিছিল।তাৰ পাছতে সকলোৱে দেখিছিল কেনেদৰে তেওঁক হত্যা কৰিছিল'-বৰাই কয়।

ইফালে,বিজেপিৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজেপায়ী প্ৰধানমন্ত্ৰিত্বৰ কাৰ্যকাল শেষ হোৱাৰ পিছতো কংগ্ৰেছ চৰকাৰে তেওঁৰ এছপিজি নিৰাপত্তা কৰ্তন কৰা নাছিল।ইয়াৰ প্ৰতিবাদ জনাই অহা ১১নৱেম্বৰৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে  ৰাজভৱনৰ সন্মুখত সাব্যস্ত কৰিব প্ৰতিবাদী কাৰ্যসূচী।উক্ত কাৰ্যসূচীৰ জৰিয়তে গান্ধী পৰিয়ালত এছপিজি নিৰাপত্তা ব্যৱস্থা বাহাল ৰখাৰ বাবে দেশৰ ৰাষ্ট্ৰপ্ৰতি আৰু প্ৰধানমন্ত্ৰীলৈ ৰাজ্যপালৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰদান কৰিব।এই কথা প্ৰকাশ কৰিছে সভাপতি ৰিপুণ বৰাই।

Your Comments