নগাঁৱৰ পানীখাইটিত অবৈধ কাঠফলা মিল জব্দ

Pic

নগাঁও চহৰৰ সমীপৰ পানীখাইটিত  বৃহস্পতিবাৰে নগাঁও বন বিভাগৰ এটা দলে অভিযান চলাই এটা অবৈধ কাঠফলা মিল উৎখাত কৰে। জানিব পৰা মতে,পানীখাইটি অঞ্চলৰ বুলমণি হুছেইন নামৰ লোকজনে ঘৰত দীৰ্ঘদিনৰ পৰা অবৈধ কাঠফলা মিল চলাই আছিল। এই খবৰ গোপন সূত্ৰে লাভ কৰি নগাঁও সদৰ বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত যোৱা বন বিভাগৰ দলটোৱে নগাঁও সদৰ আৰক্ষীৰ সহযোগত এটা কাঠফলা মিলৰ সা-সামগ্ৰীৰ লগতে এটা জেনেৰেটৰ আৰু কিছু পৰিমানৰ ফলা কাঠ জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে অভিযানৰ সময়ত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

Your Comments