খেৰকটীয়া নৈৰ ওপৰত নিৰ্মিত পাঁচ মিটাৰ দৈৰ্ঘ্যৰ দলং মুকলি

Pic

ৰাজীৱ পাতিৰ,মাজুলী:

মাজুলী-লখিমপুৰ সংযোগী খেৰকটীয়া নৈৰ ওপৰত নিৰ্মিত প্ৰায় পাঁচশ মিটাৰ দৈৰ্ঘ্যৰ বাঁহৰ দলং বৃহস্পতিবাৰে ৰাইজৰ সেৱাত মুকলি কৰা হয়। লখিমপুৰ জিলাৰ অতি ভিতৰুৱা গাঁও পঞ্চায়ত পূব তেলাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত টামাৰ ঘাটত যাত্ৰীয়ে পাৰাপাৰ কৰাৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ নতুনকৈ সাজি উলিওৱা এই বৃহৎ দলংখন ফিটা কাটি মুকলি কৰে টামাৰ গাঁৱৰ বিশিষ্ট সমাজকৰ্মী অশ্বিনী দলেই।

Pic

উল্লেখ্য যে মাজুলী আৰু লখিমপুৰ জিলা দুখনক সংযোগ কৰি নিৰ্মাণ কৰা টামাৰঘাটৰ এই দলং মুকলি হোৱাৰ লগে লগে পূৰ্বৰ টুলুঙা নাঁঁৱৰ সমস্যাৰ  উপশম হোৱাৰ অনুভৱ কৰিছে জিলা দুখনৰ অৰ্ধশতাধিক গাঁৱৰ জনসাধাৰণে। বিশেষকৈ অহা ১১ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব লগা আধ্যাত্মিক উৎসৱ ৰাস মহোৎসৱৰ প্ৰতি ৰাখি টামাৰ ঘাটৰ লেচী নাৰায়ণ চাহানীয়ে ১ হাজাৰ বাঁহ ব্যৱহাৰ কৰি ৪০ হাজাৰ টকা ব্যয় কৰি নিৰ্মাণ কৰে দলংখন।

Your Comments