অনুচ্ছেদ-৩৭০ আঁতৰাই ভাৰতে সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদ সৃষ্টিৰ এটা মূল কাৰণ নষ্ট কৰিলে-বেংককত প্ৰধানমন্ত্ৰী মোডী

Pic

থাইলেণ্ডৰ বেংককত ভাৰতীয় মূলৰ জনতাক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে ভাৰতে সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদ সৃষ্টিৰ এটা মূল কাৰণ নষ্ট কৰি দিলে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ-৩৭০ আঁতৰোৱাৰ সন্দৰ্ভত ভাষণ প্ৰসংগত উল্লেখ কৰিছিল।বেংককত অনুষ্ঠিত 'স্বস্তি পি এম মোডী' অনুষ্ঠানত প্ৰদান কৰা  ভাষণত মোডীয়ে এই বুলিও উল্লেখ কৰে যে তেওঁৰ চৰকাৰে এনে লক্ষ্যসমূহ পূৰণ কৰাৰ দিশত কাম কৰি আছে,যিসমূহ লক্ষ্য পূৰণ কৰাটো পূৰ্বতে অসম্ভৱ প্ৰতীয়মান হৈ আছিল।উল্লেখযোগ্য যে প্ৰধান মন্ত্ৰী মোডীয়ে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ-৩৭০ আঁতৰোৱাৰ প্ৰসংগ উত্থাপন কৰাৰ সময়ত উপস্থিত শ্ৰোতাই হাত চাপৰি বজাই স্বাগতম জনায়।

Your Comments