কংগ্ৰেছ জিৰ',এআইইউডিএফ হিৰ'-আজমল

Pic

এআইইউডিএফক নেতৃত্ব দিয়াৰ বাবে পঞ্চমবাৰৰ বাবে নিৰ্বাচিত মৌলানা বদৰুদ্দিন আজমল।শনিবাৰে মহানগৰীৰ মনীষা বিবাহ ভৱনত অনুষ্ঠিত দলটোৰ সাধাৰণ সভাত পুনৰবাৰ সভাপতি হিচাপে নিৰ্বাচিত হয় আজমল।

উল্লেখ যে জনীয়া সমষ্টিৰ পৰা উপ-নিৰ্বাচনত জয়ী হোৱা নৱ-নিৰ্বাচিত দলীয় বিধায়ক ৰফিকুল ইছলামে সাধাৰণ সভাপতি হিচাপে আজমলৰ নাম  প্ৰস্তাৱ কৰে।লগে লগে উক্ত প্ৰস্তাৱক সমৰ্থন জনায় ৰাধেশ্যাম বিশ্বাসে।

ইফালে সভাপতি হিচাপে নিৰ্বাচিত হৈয়ে এইআইইউডিএফ প্ৰধানগৰাকীয়ে কংগ্ৰেছক সমালোচনা কৰি কয়-"অসমত কংগ্ৰেছ এতিয়া জিৰ' আৰু আমি এতিয়া হিৰ'।কাৰণ উপ-নিৰ্বাচনত আমি এটা সমষ্টিত প্ৰাৰ্থী দিছোঁ,জয়ী হৈছোঁ।কিন্তু কংগ্ৰেছ দলে চাৰিটা সমষ্টিতে প্ৰাৰ্থী দি পৰাজিত হৈছে।অৰ্থাৎ অসমত বিজেপিৰ পিছত থকা দলটো হৈছে এআইইউডিএফ।'

আনহাতে,উপ-নিৰ্বাচনৰ ফলাফলৰ পিছতে কংগ্ৰেছ দলে আজমলৰ সৈতে মিত্ৰতা কৰিলে তাৰ নেতৃত্ব তৰুণ গগৈয়ে ল'ব বুলি গগৈয়ে কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজমলে কয়-'তেওঁক প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে এগৰাকী ভাল মানুহ বুলি জানো।কিন্তু এতিয়া দলৰ মিত্ৰতাৰ প্ৰস্তাৱ সভাপতি অথবা বিৰোধীৰ দলপতিগৰাকীয়ে লিখিতভাৱে দিব লাগিব।তেতিয়াহে আমি চিন্তা কৰিম।'

Your Comments