'ৰত্নাকৰ'ৰ জয়যাত্ৰাই উদ্যোগটোক উজ্জীৱিত কৰিব-মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ratnakar

নিউজ ডেস্ক :

অসমীয়া ছবিৰ ইতিহাসত একাধিক অভিলেখ সৃষ্টি কৰি তৃতীয় সপ্তাহলৈ গতি কৰিলে অভিনেতা তথা পৰিচালক যতীন বৰাৰ বহুচর্চিত ছবি 'ৰত্নাকৰ'-এ।ব্যৱসায়ৰ ক্ষেত্ৰত ইতিমধ্যে ৭ কোটি টকা অতিক্ৰম কৰা ছবিখনৰ কলা-কুশলীসকলে শুকুৰবাৰে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক।পৰিচালক- অভিনেতা যতীন বৰা, প্ৰযোজক নৱনীতা বৰা, অভিনেত্ৰী নিশিতা গোস্বামী, আশ্ৰমিকা শইকীয়াকে ধৰি টিম ৰত্নাকৰে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীক।

ইফালে,ৰাজ্যজুৰি ৰত্নাকৰৰ সফলতাৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালে ছবিখনৰ সৈতে জড়িত প্ৰতিগৰাকী কলা-কুশলীক অভিনন্দন জনায়।অসমীয়া ছবিৰ এই জয়যাত্ৰাই উদ্যোগটোক উজ্জীৱিত কৰিব বুলি মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোণোৱালে।

Your Comments