দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখনীয়া টেষ্ট শৃংখলা ৩-০ৰ ব্যৱধানত দখল ভাৰতৰ

Pic

ভাৰত-দক্ষিণ আফ্ৰিকাৰ তিনিখনীয়া টেষ্ট শৃংখলা ৩-০ ব্যৱধানত জয় কৰিছে  ভাৰতে।যোৱা ১৯ অক্টোবৰৰ পৰা অনুষ্ঠিত তিনিখনীয়া শৃংখলাৰ অন্তিমখন টেষ্টত ভাৰতীয় দলটোৱে আজি চতুৰ্থ দিনা এটা ইংনিছ আৰু ২০২ৰাণৰ বৃহৎ ব্যৱধানত জয়ী হয়।

খেলখনত ভাৰতীয় দলটোৱে টচত জয়ী হৈ প্ৰথমে বেটিং কৰি ৰোহিত শৰ্মাৰ ২১২ আৰু আজিংকা ৰাহানেৰ ব ১১৫ ৰাণৰ সহায়ত সংগ্ৰহ কৰিছিল ৯ উইকেতৰ বিনিময়ত সংগ্ৰহ কৰিছিল ৪৯৭ ৰাণ।

প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকা দলটো ভাৰতীয় বলাৰৰ আগত তিষ্ঠিব নোৱাৰি প্ৰথম ইংনিছ ১৬২ আৰু দ্বিতীয় ইংনিছত ১৩৩ ৰাণত সামৰি পৰাজয় স্বীকাৰ কৰে। খেলখনত দক্ষিণ আফ্ৰিকাৰ হৈ জুবেইৰ হামজাই প্ৰথম ইনিংছত ৬২ ৰাণ কৰাৰ বাহিৰে কোনো এজন খেলুৱৈয়ে দুয়োটা ইনিংছত সফল হ'ব নোৱাৰিলে।ভাৰতীয় দলৰ হৈ খেলখনত মহম্মদ ছামী আৰু উমেশ যাদৱে লাভ কৰে পাঁচটাকৈ উইকেট।

আনহাতে,খেলখনত প্ৰথম ইনিংছত ২১২ ৰাণ সংগ্ৰহ কৰা ৰোহিত শৰ্মাক প্ৰদান কৰা হয় শ্রেষ্ঠ খেলুৱৈৰ সন্মান।

Your Comments