এটা টেষ্ট শৃংখলাত সৰ্বাধিক ছিক্সাৰ কোবোৱাৰ অভিলেখ গঢ়িলে 'হিটমেন' ৰোহিত শৰ্মাই

Rohit Sarma

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত তৃতীয় টেষ্টৰ প্ৰথম দিনা শতক অৰ্জন কৰে ভাৰতৰ অপেনিং বেটছমেন 'হিটমেন' ৰোহিত শৰ্মাই।এই শতক অৰ্জনৰ জৰিয়তে এটা বিশ্ব অভিলেখ গঢ়ে ৰোহিতে।আজিৰ এই শতকত কোবোৱা ছিক্সাৰকেইটাৰ জড়িয়তে ৰোহিত শৰ্মা পৰিণত হ'ল এটা টেষ্ট শৃংখলাত সৰ্বাধিক ছিক্সাৰ কোবোৱা বেটছমেন হিচাপে।বাতৰি লিখা মুহূৰ্তলৈকে বৰ্তমানলৈকে টেষ্ট শৃংখলাটোত ১৭ টা ছিক্সাৰ কোবাইছে ৰোহিতে।ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ৱেষ্ট ইণ্ডিজৰ ছিমৰন হেটমেয়াৰৰ নামত।তেওঁ বাংলাদেশৰ বিৰুদ্ধে ২০১৮-১৯ বৰ্ষৰ টেষ্ট শৃংখলাত ১৫ টা ছিক্সাৰ কোবাইছিল।

Your Comments