অসমবাসীক গৌৰৱান্বিত কৰি পদক নিশ্চিত কৰিলে বক্সাৰ যমুনা বড়োৱে

Pic

ৰাছিয়াৰ উলান উৰে চহৰত চলি থকা বিশ্ব মহিলা বক্সিঙ চেম্পিয়নশ্বিপত উজলি উঠিল অসম-কন্যা যমুনা বড়ো।ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই চেম্পিয়নশ্বিপত পদক নিশ্চিত কৰিলে মহিলা বক্সাৰগৰাকীয়ে।বৃহস্পতিবাৰে ৫৪ কি:গ্ৰা: শাখাত জাৰ্মানীৰ উৰছুলা গতলবক ৪-১ ব্যৱধানত সহজেই পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে অসম-কন্যা যমুনাই।এতিয়া যমুনাই অহা ১২ অক্টোবৰত চাইনীজ টাইপেৰ হুৱাং চিয়াও ৱেনৰ মুখামুখি হ'ব।যমুনাৰ পৰা এতিয়া স্বৰ্ণ পদক আশা কৰিছে অসমবাসীয়ে।

Your Comments