পাকিস্তানত শীঘ্ৰে ক্ষমতাচ্যুত হ'ব পাৰে ইমৰাণ খান:শাসন ক্ষমতা হস্তগত কৰাৰ প্ৰস্তুতিত সেনা

Imran

পাকিস্তানত শীঘ্ৰে প্ৰধানমন্ত্ৰী ইমৰাণ খান ক্ষমতাচ্যুত হ'ব পাৰে।পাকিস্তানী সেনাই ইমৰাণ খানক ক্ষমতাচ্যুত কৰি নিজে শাসন ক্ষমতা হস্তগত কৰিব পাৰে।পাকিস্তানৰ সেনা প্ৰমুখ কমৰ জাভেদ বাজৱাই দেশখনৰ শীৰ্ষ ব্যৱসায়ীসকলৰ সৈতে অতি গুপ্তভাৱে তিনিবাৰকৈ আলোচনাত বহাৰ পিছত এই সম্ভৱনা প্ৰকট কৰিছে পাকিস্তানৰে প্ৰভাৱশালী সচেতন মহলে।এনে বৈঠক ইমৰাণ খানক ক্ষমতাচ্যুত কৰাৰ প্ৰাৰম্ভিক প্ৰস্তুতি বুলি মত প্ৰকাশ কৰা হৈছে।উল্লেখ্য যে কাশ্মীৰ প্ৰসংগত ইমৰাণ খান আন্তঃৰাষ্ট্ৰীয় মঞ্চত চৰম ব্যৰ্থতাৰ সন্মুখীন হোৱা আৰু পাকিস্তানৰ কেন্দ্ৰীয় বাজেটত সেনাৰ কোটা বৃদ্ধি নকৰাক লৈ সেনা ইমৰাণ খানৰ ওপৰত যথেষ্ট ক্ষুণ্ণ।

Your Comments