অ'লা-উবেৰৰ দৰে বহিৰাগত প্ৰতিষ্ঠানক প্ৰত্যাহ্বান জনাই অসম সন্তান নিলোৎপলে মুকলি কৰিলে টেক্সি এপ

app

নিউজ ডেস্ক :

অ'লা-উবেৰৰ দৰে বহিৰাগত প্ৰতিষ্ঠানক প্ৰত্যাহ্বান জনাবলৈ এহাল অসমীয়া দম্পতিৰ গুৰুত্বপূৰ্ণ প্ৰয়াস। দম্পত্তি নিলোৎপল শইকীয়া আৰু কুঁৱলী মুদৈয়ে শুক্ৰবাৰে যাত্ৰীৰ বাবে মুকলি কৰিলে 'Assam on wheels trip planner cum taxi booking app'। দম্পতিহালে 'Assam on wheels' নামৰ  প্ৰতিষ্ঠানটোৰ নেতৃত্বত নিৰ্মান কৰি উলিওৱা এ'পতো গুৱাহাটীৰ প্ৰেছ  ক্লাৱত মুকলি কৰে স্বত্বাধিকাৰী নিলোৎপল শইকীয়া আৰু পত্নী কুঁৱলী মুদৈয়ে। উল্লেখ যে এই বিশেষ এপটোৰ জৰিয়তে পৰ্যটকৰ পৰা আৰম্ভ কৰি যাত্রী সকলে সহজে বুক কৰিব পাৰিব টেক্সি সেৱা।

এপতো মুকলি কৰি স্বত্বাধিকাৰী নিলোৎপল শইকীয়াই কয় "যাত্ৰীসকলে য'তে যেতিয়াই, যেনেকৈ বিচাৰে এপটোৰ জৰিয়তে ভ্ৰমণসূচী প্ৰস্তুতকৰি পছন্দৰ টেক্সি বুকিং কৰিব পাৰিব"।লগতে তেওঁ জানিবলৈ দিয়ে যে যাত্ৰী সকলে কিন্তু টেক্সি বুকিং কৰিবলৈ হলে অতি কমেও চাৰি ঘন্টাৰ বাবে বুকিং কৰিব লাগিব।তাৰ বাবে যাত্ৰী গৰাকীয়ে ভৰিব লাগিব অতিকমেও ১২০০টকা।একেদৰে যাত্ৰী সকলে দীঘলীয়া যাত্ৰাৰ বাবেও লব পাৰিব টেক্সি সেৱা।

বৰ্তমান গুৱাহাটীত আৰম্ভ হোৱা এই এপটোৰ সেৱা অতি কম সময়ৰ ভিতৰতে সমগ্ৰ ৰাজ্যজুৰি উপলব্ধ হ'ব বুলিও জানিবলৈ দিছে স্বত্বাধিকাৰী শইকীয়াই। ইফালে যাত্ৰীসকলে এপটোৰ সুবিধা গ্ৰহণ কৰাৰ বাবে "গগোল প্লে স্তৰ"ৰ পৰা নিজৰ স্মাৰ্ট ফোনত এপটো ডাউনলোড কৰিব লাগিব।

Your Comments

Related Articles