সাংবাদিকৰ বাবে  চেন্নাইৰ চিকিৎসালয়ৰ প্ৰিভিলেজ কাৰ্ড  উন্মোচন

chennai

নিউজ ডেস্ক :

চেন্নাইৰ আগশাৰীৰ  চিকিৎসা প্ৰতিষ্ঠান ডাঃ ৰেলা ইনষ্টিটিউট এণ্ড মেডিকেল চেন্টাৰে  ১৪ শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সাংবাদিক সকলৰ বাবে এখন  প্ৰিভিলেজ কাৰ্ড উন্মোচন কৰে । অনুষ্ঠানত উপস্থিত থাকি চিকিৎসালয় খনৰ   জ্যেষ্ঠ চিকিৎসক ডাঃ বৈভৱ পাটিল, উপ মহাপ্ৰবন্ধক মুৰুলী ধৰণ ভি ,উত্তৰ পূৱৰ বাণিজ্য বিষয়া চিৰঞ্জীব শৰ্মাই  প্ৰেছ ক্লাবৰ সদস্য সাংবাদিক সকলক এই কাৰ্ড প্ৰদান কৰে। এই কাৰ্ডৰ জৰিয়তে  ৰেলা ইনষ্টিটিউটৰ অপিডিত চিকিৎসকৰ পৰা বিনামূলীয়া প্ৰাথমিক পৰামৰ্শ লাভ কৰিব।  বিশেষজ্ঞৰ পৰামৰ্শত  ২৫শতাংশ ,পৰীক্ষা  নিৰীক্ষাত ২০শতাংশ, সামগ্ৰিক স্বাস্থ্য পৰীক্ষাত ২০শতাংশ, ঔষধত ৫শতাংশ  আদি বিভিন্ন সুবিধা থাকিব।
তদুপৰি  চেন্নাই বিমান বন্দৰ অথবা ৰেল ষ্টেচনৰ পৰা চিকিৎসালয়লৈ  বিনামূলীয়া বাহনৰ ব্যৱস্থা থাকিব। 

আনহাতে অনুষ্ঠানৰ আগমুহূৰ্তত ডাঃপাটিলে যকৃৎ আৰু বৃক্ক ৰোগত ভুগি থকা বহুকেইজন  সাংবাদিকক পৰামৰ্শ প্ৰদান কৰে।

উল্লেখযোগ্য যে  আজিৰ অনুষ্ঠানত প্ৰায় ৬০ গৰাকী সাংবাদিকক এই প্ৰিভিলেজ কাৰ্ড প্ৰদান কৰা হয়।

Your Comments