বঙাইগাঁওত ভাৰতীয় ষ্টেট বেংকৰ দুদিনীয়া কৰ্মশালাৰ সামৰণি

bgn

বঙাইগাঁওঃ

ভাৰতীয় অৰ্থনৈতিক সেৱা বিভাগৰ নিয়মাৱলীৰ অধীনত পাঁচ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিক বেংক ক্ৰেডিটেৰে সামৰা শীৰ্ষক 'ৰূপৰেখা' নামৰ এখন দুদিনীয়া কৰ্মশালা ভাৰতীয় ষ্টেট বেংকৰ বঙাইগাঁও ক্ষেত্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হয় ৷ ভাৰতীয় ষ্টেট বেংকৰ বঙাইগাঁও ক্ষেত্ৰীয় কাৰ্যালয়ৰ উপ মহাপ্ৰবন্ধক সুশান্ত কুমাৰ মহান্তিৰ সঞ্চালনাত শনিবাৰ আৰু দেওবাৰে অনুষ্ঠিত কৰ্মশালাত ভাৰতীয় ষ্টেট বেংকৰ বঙাইগাঁও ক্ষেত্ৰীয় কাৰ্যালয়ৰ অন্তৰ্গত ৩২ টা শাখাৰ শাখা প্ৰৱন্ধক সকলে অংশ লয়।

bgn2 উল্লেখ্য যে ভাৰতীয় ষ্টেট বেংকৰ বঙাইগাঁও ক্ষেত্ৰীয় কাৰ্যালয়ৰ ক্ষেত্ৰীয় প্ৰবন্ধক নবোল হুছেইনৰ তত্বাৱধানত অনুষ্ঠিত কৰ্মশালাত মূলত ডিজিটেল লেনদেন, চৰকাৰী বেংকত নিগম সম্বন্ধীয় শাসন প্ৰণালী, লঘু আৰু কুটিৰ উদ্যোগৰ বাবে ঋণ প্ৰণালী, চৰকাৰী বেংকত প্ৰযুক্তিৰ প্ৰয়োগ, কৃষি ঋণ, ক্ষুদ্ৰ ঋণ আৰু নতুন উদ্যোগ বৃদ্ধিৰ সুবিধা তথা এক অৰ্থনৈতিক মঞ্চ গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ লগতে চৰকাৰী বেংক সমূহৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজক স্থানীয় তথা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত উন্নত মানদণ্ডৰ বেংকিং সেৱা প্ৰদান সম্পর্কে বিভিন্ন দিশত পৰ্যালোচনা কৰা হয়।

Your Comments