ৰিলায়েন্স জিঅ'য়ে  গাত খান্দোতে শিৱসাগৰ হাঁ‌হচৰাত  উদ্ধাৰ ৰজাদিনীয়া সম্পদ

sibsagar

শিৱসাগৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই :

শিৱসাগৰ চহৰৰ পৰা ১০ কিঃমিঃ নিলগৰ হাঁ‌হচৰা সিংহদ্বাৰ অঞ্চলত  আজি  ব্যক্তিগত প্ৰতিষ্ঠান ৰিলায়েন্স জিঅ'য়ে  গাত খান্দোতে উদ্ধাৰ হয় ৰজাদিনীয়া শিলৰ মূৰ্তি। উদ্ধাৰ হোৱা 
শিলেৰে নিৰ্মিত সিংহৰ মূৰ্তিৰ ভগ্নাৱশেষ,এটা শিলৰ কলচী, শিল, ইটা আদি উদ্ধাৰ হোৱা ঘটনাই অঞ্চলবাসীক পুলকিত কৰি তুলিছে। ব্যক্তিগত মোবাইল কোম্পানী জিঅ' ই ইন্টাৰনেট সেৱাৰ  কেবোলৰ গাঁত খান্দোতে সিংহদ্বাৰ চাৰিআলিৰ তোৰণৰ সন্মুখত এই পৌৰাণিক সামগ্ৰী সমূহ শ্ৰমিকে উদ্ধাৰ কৰে । sib

ঘটনাস্থলীত উপস্থিত হৈ পুৰাতত্ব বিভাগে জনায় যে  ব্যক্তিগত মোবাইল  প্ৰতিষ্ঠান জিঅ'ই গাঁ‌ত খন্দা সম্পৰ্কে অৱগত নহয় শিৱসাগৰ জিলাৰ পুৰাতত্ত্ব বিভাগ।জিঅ'ৰ এই কাৰ্য বিৰুদ্ধে এতিয়া পুৰাতত্ত্ব বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। লগতে পুৰাতত্ব বিভাগক এই সম্পদসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।

Your Comments

Related Articles