স্বাস্থ্যখণ্ডৰ স্বৰূপঃ গভৰ্ৱতী মহিলাক ঠেলাগাড়ীৰে চিকিৎসালয়লৈ

health

লংকাৰ পৰা মনোজ কুমাৰ পাঠক

স্বাস্থ্যখণ্ডৰ আমুল পৰিৱৰ্তনৰ শ্ল’গান আওৰাই থাকিলেও ৰাজ্যখনৰ সৰ্বত্ৰে যে আজিও স্বাস্থ্যখণ্ডৰ সেই পঁয়ালগা অৱস্থাই বিৰাজ কৰিছে তাৰেই এক ছবি দেখা গ’ল হোজাই জিলাৰ লংকাৰ কাকীত ৷ নৱগঠিত হোজাই জিলাখনত আজিও নহল স্বাস্থ্যসেৱাৰ দ্ৰুত উন্নয়নৰ ব্যৱস্থা। কাকীৰ গ্ৰামাঞ্চলৰ এগৰাকী গভৰ্ৱতী মহিলাক ঠেলাগাড়ীৰে হাস্পতাললৈ নিবলগীয়া হৈছে। দুটাকৈ বিয়াগোম বিভাগ স্থাস্থ্য আৰু গড়কাপ্তানী বিভাগৰ দায়িত্বত থকা ড° হিমন্ত বিশ্ব শৰ্মাই সদায়ে ঢাকঢোল বজাই আহিছে বিভাগ দুটাৰ। কিন্ত তেওঁৰ স্বাস্থ্য বিভাগৰ ১০৮ মৃত্যুঞ্জয় সেৱাৰ গাড়ী সময় মতে উপস্থিত নোহোৱাৰ লগতে তেওঁৰেই দায়িত্বত থকা গড়কাপ্তানী বিভাগটোৰ অধীনত পকীপথৰ ব্যৱস্থা নথকাৰ বাবেই স্বাস্থ্যসেৱাৰ অত্যন্ত জৰুৰী মৃত্যুঞ্জয় সেৱা চলাচলৰ অসুবিধাৰ অজুহাত দেখুৱাই হেতালি খেলি আহিছে গ্ৰামাঞ্চলত। গ্ৰামাঞ্চলৰ স্বাস্থ্যসেৱাৰ উন্নয়নেই চৰকাৰখনৰ মুল লক্ষ্য যদিও আজিও গ্ৰামাঞ্চলত ব্যাহত এই সেৱা। সম্প্ৰতি বৃহত্তৰ কাকী গ্ৰামাঞ্চলৰ অন্তৰ্গত কাকী বনাঞ্চলৰ এইগৰাকী গভৰ্ৱতী মহিলায়ে কাকী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত এটি সন্তান প্ৰসৱ কৰে যদিও নিশা ঠেলাৰে কঢ়িয়াই আনি গভৰ্ৱতী মহিলাক এইদৰে প্ৰসৱ কৰাৰ ঘটনাই স্বাস্থ্যখণ্ডৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে।

Your Comments