ক্ৰমাৎ অস্তিত্বৰ সংকটৰ দিশে 'নৱগ্ৰহ মন্দিৰ' : গম্বুজত চিৰাল ফাট, পূজা চলি থকা অৱস্থাতেই খহি পৰে চিমেণ্টৰ টুকুৰা, কুম্ভকৰ্ণ নিদ্ৰাত পুৰাতত্ব আৰু পৰ্যটন বিভাগ

nabagrah

তপন বৰগোঁহাইৰ প্ৰতিবেদন:-

পৰ্যটন বিভাগৰ গুৰুত্বহীনতাৰ বাবে ক্ৰমাৎ ধ্বংসৰ দিশলৈ গতি কৰিছে গুৱাহাটীৰ মহানগৰীৰ ঐতিহ্য মণ্ডিত 'নৱগ্ৰহ মন্দিৰ'।  যি সময়ত শক্তিপীঠ কামাখ্যাক কেন্দ্ৰীয় চৰকাৰে "আইকনিক" স্থান হিচাপে স্বীকৃতি প্ৰদান কৰি অসম চৰকাৰৰ সহযোগত কামাখ্যা দেৱালয়ৰ উন্নয়নত যথেষ্ট গুৰুত্ব প্ৰদান কৰি আহিছে,তেনে সময়তে মহানগৰীৰ চিত্ৰাচল পাহাৰত অৱস্থিত ঐতিহাসিক 'নৱগ্ৰহ দেৱালয়' ৰাজ্য চৰকাৰৰ দ্বাৰা আজিও যেন অৱহেলিত হৈ আছে ।nabagrah2

১৮শ শতিকাতে আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মান কৰা ঐতিহাসিক মন্দিৰটোত শিলাখণ্ডৰ ৰূপত স্থাপিত হৈ আছে হিন্দু জ্যোতিষশাস্ত্ৰত উল্লেখিত ন'টা গ্ৰহ । প্ৰবাদ অনুসৰি ঐতিহাসিক মন্দিৰটো এটা সময়ত জ্যোতিষশাস্ত্ৰ চৰ্চাৰ কেন্দ্ৰ বিন্দু আছিল। আনহে নালাগে আহোমৰ শাসনৰ দিনতে স্থাপিত হোৱা মন্দিৰটোলৈ আজিও জ্যোতিষশাস্ত্ৰত বিশ্বাসী লোকে গ্ৰহপূজা কৰিবলৈ নৱগ্ৰহলৈ আহে।ইয়াৰ উপৰিও নৱগ্ৰহত প্ৰতিবছৰে অনুষ্ঠিত হোৱা বাৰ্ষিক মহাযজ্ঞতো অংশ লৈ আহিছে হাজাৰ-হাজাৰ ভক্তই। ৰাজনৈতিক নেতাৰ পৰা মন্ত্ৰী-বিধায়ক, অভিনেতালৈকে সকলোৱে আহে এই নৱগ্ৰহ মন্দিৰলৈ যদিও দুভাগ্যজনকভাবে বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক সমল থকা মন্দিৰটোৰ শোচনীয় অৱস্থা দেখিও এতিয়ালৈ কোনো এজন ৰাজনৈতিক নেতা তথা মন্ত্ৰীৰ গা লৰা নাই। কিন্তু মন্দিৰটোৰ ক্ৰমাৎ শোচনীয় হৈ অহা অৱস্থাই এতিয়া চিন্তিত কৰি তুলিছে মন্দিৰটোত সকলো সময়তে থকা প্ৰতিগৰাকী পূজাৰী,জ্যোতিষীৰ  লগতে মন্দিৰটোলৈ আহ যাহ কৰি থকা প্ৰত্যেক গৰাকী সচেতন নাগৰিকৰ।

উল্লেখ যে ১৮৯৭ চনত হোৱা ভূমিকম্পত বিস্তৰ ক্ষতিসাধন হৈছিল মন্দিৰটোৰ।তাৰ পাছত মন্দিৰ পৰিচালনা সমিতিয়ে ১৯২৩ চনত পুনৰ নিৰ্মান কৰে। কিন্তু অতি প্ৰাচীন শিলেৰে নিৰ্মিত মন্দিৰটোৰ গম্বুজ তথা মন্দিৰটোৰ দেৱালবোৰত ফাট মেলি ইয়াৰ ভেটি বৰ্তমানে অতি দুৰ্বল হৈ পৰা বুলি জানিবলৈ দিছে ঐতিহাসিক মন্দিৰটোৰে এগৰাকী পূজাৰীয়ে।তেওঁ উল্লেখ কৰা মতে গম্বুজৰ এটাকোণত ফাট মেলাৰ বাবেই মন্দিৰতোৰ  ভিতৰত থকা চন্দ্ৰ আৰু মঙ্গল গ্ৰহৰ মাজৰ ঠাইখিনিত এতিয়া বৰষুণৰ দিলে পানী পৰে ।ইয়াৰ উপৰিও প্ৰায়ে গম্বুজটোৰ ফাট মেলা অংশৰ পৰা ভক্ত-দর্শনাৰ্থীৰ গাত চিমেণ্ট, শিলৰ টুকুৰা মাজে মাজে সৰি পৰে বুলিও তেওঁ অতি দুখেৰে জানিবলৈ দিছে। 

আনহাতে স্বচ্ছ ভাৰতৰ কথা কোৱা চৰকাৰখনে  মন্দিৰ পৰিসৰত আৱৰ্জনা পেলাবলৈ আজিলৈকে কোনো ডাষ্টবিন ব্যৱস্থা নকৰিলে।যাৰ বাবে মন্দিৰৰ সকলো আৱৰ্জনা,চাকি-ধূপৰ অৱশিষ্ট,ফুল আদি মন্দিৰৰ পৰা তললৈ নামি যোৱা বাটতে পেলাব লগীয়া হৈছে। মন্দিৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি মন্দিৰৰ আৱৰ্জনা সমূহ পেলোৱাৰ বাবে  ডাষ্টবিনৰ ব্যৱস্থা কৰাৰ বাবে তদানীন্তন কামৰূপ মহানগৰ জিলা উপায়ুক্ত ডঃ এম অংগমুথুক আবেদন জনাইছিল।কিন্তু মন্দিৰ কৰ্তৃপক্ষই উপায়ুক্ত গৰাকীৰ পৰা আবেদনৰ  কোনো সঁহাৰি লাভ নকৰিলে। 

ইয়াৰ উপৰিও  মন্দিৰলৈ যোৱা সমগ্ৰ পথছোৱাত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা আছে যদিও বৰ্তমান সময়ত একাংশ ষ্ট্ৰীট লাইট বিকল।ফলত বহুসময়ত মন্দিৰলৈ উঠি যোৱা পথছোৱাতে একাংশ যুৱক-যুৱতীয়ে বহু সময়ত আন্ধাৰৰ সুযোগ লৈ ড্ৰাগছ তথা ৰাগীয়াল দ্ৰৱ্য সেৱন কৰে বুলিও অভিযোগ উথাপন কৰে।

একেদৰে ঐতিহাসিক মন্দিটোত ভক্তসকলৰ বাবে খোৱাপানী আৰু টয়লেটৰো পৰ্য্যাপ্ত ব্যৱস্থা নাই। ইফালে মন্দিৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি মন্দিৰৰ এই সমস্যাৰ সমূহৰ বিষয়ে বিস্তৃত ভাবে অৱগত কৰিবলৈ বৰ্তমানৰ জিলা উপায়ুক্ত বিশ্বজিত পেগুক কিছুদিনৰ পূৰ্বে অনুষ্ঠিত হোৱা বাৰ্ষিক মহাযজ্ঞ লৈ নিমন্ত্ৰণ জনোৱা হৈছিল যদিও উপায়ুক্ত গৰাকী মন্দিৰলৈ নাহিল বুলিও মন্দিৰটোৰ এগৰাকী জ্যেষ্ঠ পূজাৰীয়ে আক্ষেপ প্ৰকাশ কৰে। উল্লেখ্য যে মন্দিৰৰ পূজাৰী, জ্যোতিষী থকা আবাস গৃহৰ অৱস্থাও এতিয়া তথৈবচ । তদুপৰি বছৰৰ প্ৰতিটো ঋতুতে হাজাৰ হাজাৰ ভক্ত দর্শনাৰ্থীৰ সমাগম হোৱা এই মন্দিৰটোত আজি পৰ্য্যন্ত নাই কোনো জিৰণি চৰা'। ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবলৈও  বাবে মন্দিৰটোত আজিলৈ অসম চৰকাৰে নিৰ্মান নকৰিলে এটা জিৰণি চৰা' ।

এতিয়া প্ৰশ্ন হয় গুৱাহাটীৰ চিত্ৰাচল পাহাৰত অৱস্থিত পৰ্যটনৰ সকলো সমল থকা এই নৱগ্ৰহ মন্দিৰৰ উন্নয়নৰ বাবে  চৰকাৰ তথা পৰ্যটন বিভাগ আজিও কিয় কুম্ভকৰ্ণ নিদ্ৰাত নিমগ্ন হৈ আছে সেয়াই বৰ্তমান সময়ত এটা ডাঙৰ প্ৰশ্ন।বাৰে বাৰে মন্দিৰ কৰ্তৃপক্ষৰ আবেদন নিবেদন আৰু সংবাদ মাধ্যমে এই সন্দৰ্ভত বাতৰি পৰিবেশন কৰি আহিছে যদিও আজিকোপতি গা-লৰাৰ পৰা নাই অসমৰ চৰকাৰৰ বিয়াগোম পৰ্যটন আৰু পুৰাতত্ব বিভাগটোৰ। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ তাৎক্ষণিক হস্তক্ষেপ দাবী কৰিছে মন্দিৰ কৰ্তৃপক্ষ তথা অঞ্চলটোৰ সচেতন ৰাইজে।

Your Comments

Related Articles