"১৬ মে'ৰ পিছত টালি-টোপোলা বান্ধি কিমান বিদেশী গ'ল,তাৰ তালিকা শিৱসাগৰত দিয়ক মোডীয়ে"-এজেপি

Pic
"অসমৰ ৰাইজক ভুৱা সপোনৰ মেটমৰা বোজা আৰু প্ৰতিশ্ৰুতিৰ বন্যা লৈ শিৱসাগৰৰ জেৰঙা পথাৰলৈ শনিবাৰে আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী"-গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ।অসমলৈ আহিব লগা প্ৰধানমন্ত্ৰীগৰাকীক ২০১৪ আৰু ২০১৬ চনৰ নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি কিমান ৰূপায়ন হল ,তাৰ খতিয়ান লগত অনাৰ আহ্বান এজেপি নেতৃত্ব। গুৱাহাটী পাণবজাৰৰ প্ৰাগ কন্টিনেণ্টেলত সংবাদমেল সম্বোধন কৰি এজেপি সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়-"পূৰ্বৰ প্ৰতিশ্ৰুতি কিমান পূৰণ কৰিলে শিৱসাগৰত তাৰ খতিয়ান অসমবাসীক দি যাব।" প্ৰধানমন্ত্ৰীগৰাকীয়ে পূৰ্বে দিয়া প্ৰতিশ্ৰুতিৰ খতিয়ান বিচাৰি গগৈৰ প্ৰশ্ন-"১৬মে'ৰ পিছত টালি-টোপোলা বান্ধি যোৱা বাংলাদেশীৰ হিচাপ তালিকাসহ অসমবাসীক দিয়ক।কাৰণ অসমবাসীৰ ইয়াৰ হিচাপ জনাৰ অধিকাৰ আছে।" অসম চুক্তি আখৰে আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতি দি কি কাৰণত কা' জাপি দিয়া হ'ল।কা' জাপি অসম।চুক্তিৰ ৫নং দফা হত্যা কৰা বুলি উল্লেখ কৰি লুৰীণৰ প্ৰশ্ন-"অসম চুক্তি,বীৰ শ্বহীদৰ ত্যাগক অপমান কৰা অধিকাৰ তেওঁলোকক কোনে দিলে।অসমবাসীক জনাব লাগে অসম চুক্তি বিদেশী বিতাৰণৰ বিষয়ত থকা তেওঁৰ স্থিতি।" কা' জাপি দি পাঁচজনকৈ অসম সন্তানক গুলীয়াই হত্যা কৰিলে।অসমৰ ৰাইজে জানিব বিচাৰিব প্ৰাপ্য অধিকাৰ বিচাৰি কৰা গণ আন্দোলন হত্যা কৰি দমন কিয় কৰা হৈছে! "অসম চুক্তিৰ ৬নং দফাৰ প্ৰতিবেদন ল'বলৈ সময় উলিয়াব নোৱাৰি।প্ৰতিবেদন দিয়াৰ আঠ মাহ সময় উকলি যোৱাৰ পিছতো সেইখন গ্ৰহণ কৰা নহ'ল।দিছপুৰতে কিয় পৰি থাকিব লগা হল।এই সম্পৰ্কত মোডীৰ স্থিতি কি!তেওঁ এই সম্পৰ্কত অৱগত নহয় নেকি,তাৰ উত্তৰ দিব লাগে।" অসমৰ ২৭খনকৈ তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰিলে।আদানীৰ হাতত বিমানবন্দৰ আৰু এপিডিচিএল দিবৰ কাৰণে উঠি পৰি লাগিছে।কামাখ্যা ৰেল ষ্টেচন ব্যক্তিগত খণ্ডক অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।প্ৰধানমন্ত্ৰী মোডীৰ দিনত অসমৰ এয়াই প্ৰাপ্তি বুলি কটাক্ষ কৰি এজেপি সভাপতিগৰাকীয়ে কয়-অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন হ'ল।বান-গৰাখহনীয়াৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।বান ব্যৱস্থাপনাৰ ৬০শতাংশ ধন আমাৰ পৰা কৰ্তন কৰিলে‌। ইয়াৰ উপৰিও ভাৰত-বাংলা সীমান্ত ছিল, বৃহৎ নদীবান্ধ বিৰোধ, আন্ত:ৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা কৰ্তন, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, টুইন টাৱাৰ, ব্ৰহ্মপুত্ৰ খনন, দুটাকৈ কাগজ কল কাৰ্যক্ষম কৰা প্ৰতিশ্ৰুতিসমূহ ক'ত গ'ল তাৰ হিচাপে শিৱসাগৰত দিয়াৰ আহ্বান জনায় প্রধানমন্ত্ৰীক। আনহাতে,ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰাত বিজেপি চৰকাৰে দায়িত্ব পালন নকৰি অসমক অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিয়া বুলিও উল্লেখ কৰে সভাপতি গগৈয়ে। উল্লেখ যে সংবাদমেলত উপস্থিত থাকে এজেপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা।

Your Comments