মহানগৰীত এজেপিৰ অৱস্থান ধৰ্মঘট:সৰ্বানন্দ সোণোৱালক মিছলীয়া,নৰেন্দ্ৰ মোডীক ভাৱৰীয়া আখ্যা প্ৰতিবাদকাৰীৰ

Pic

গুৱাহাটী ৰ'টাৰী ক্লাবত বহুকেইটা দাবীৰে বৃহস্পতিবাৰে অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয় পৰিষদৰ মহানগৰ জিলা সমিতিয়ে।লাইকা-দধিয়াৰ দুৰ্গতক সংস্থাপনৰ লগতে বান-গৰাখহনীয়াৰ ক্ষতিগ্ৰস্তক সংস্থাপনৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে।

প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে বিজেপি বিৰোধী শ্লোগানত উত্তাল কৰে গুৱাহাটী ক্লাবৰ পৰিৱেশ। অসম চৰকাৰৰ কাম নাই,বিজেপি হায় হায় শ্লোগানৰ লগতে সৰ্বানন্দ সোণোৱাল মিছলীয়া আৰু নৰেন্দ্ৰ মোডীক ভাৱৰীয়া আখ্যা দিয়ে এজেপি কর্মীসকলে।

অৱস্থান কাৰ্যসূচীত উপস্থিত থাকি এজেপিৰ যুটীয়া সমন্বয়ক প্ৰিন্স ফাইজুল হকে কয়-"হৰিশঙ্কৰ ব্ৰহ্ম কমিটীৰ প্ৰতিবেদন কাৰ্যকৰী কৰি ভূমিহীনক প্ৰদান কৰিব লাগে ভূমি পট্টা।"

উল্লেখ যে এজেপিৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যজুৰি জিলা সমিতিসমূহে বৃহস্পতিবাৰে ৰূপায়ন কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী।

Your Comments