ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দান কৰিলে পাঁচ লাখ এশ টকা

Pic
অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে মন্দিৰ নিৰ্মাণ কমিটী আৰু ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ বিষয়ববীয়াসকলে দেশজুৰি আৰম্ভ কৰিছে বৰঙণি সংগ্ৰহৰ কাৰ্যসূচী। এই কাৰ্যসূচীৰ অংশ হিচাপে বিশ্ব হিন্দু পৰিষদৰ কাৰ্যকৰী সভাপতি আলোক কুমাৰ, ন্যাসৰ কোষাধক্ষ গোবিন্দদেৱ গিৰী আৰু মন্দিৰ নিৰ্মাণ কমিটিৰ মুৰব্বী নৃপেন্দু মিশ্ৰৰ নেতৃত্বত এটি দলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰিবলৈ যায় । ৰাষ্ট্ৰপতি কোবিন্দে দলটোৰ হাতত মন্দিৰ নির্মাণৰ বাবে চেক যোগে ৫ লাখ ১০০ টকাৰ দান আগবঢ়ায় । ইতিমধ্যে মন্দিৰ নিৰ্মাণৰ লগত জড়িত বহু ৰাজনৈতিক আৰু সামাজিক সংগঠনে দেশৰ বিভিন্ন প্ৰান্তত ধন সংগ্রহৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। দান সংগ্ৰহ কৰিবলৈ ১০টকা, ১০০ টকা আৰু ১০০০টকাৰ কুপনৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে মন্দিৰ নির্মাণৰ বাবে কোনো ধৰণৰ চৰকাৰী সাহায্য বা ব্যক্তিগত প্ৰতিষ্ঠান আৰু বিদেশৰ পৰা ধন সংগ্ৰহ কৰা নহ’ব বুলি প্ৰকাশ কৰা হৈছে।ইয়াৰোপৰি, ২০,০০০ বা তাতকৈ অধিক মূল্যৰ ধনৰাশি চেক যোগে লোৱাৰ ব্যৱস্থা কৰিছে কমিটিৰ লোকে।১৫ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই ধন সংগ্ৰহ কাৰ্যসূচী ২৭ ফেব্ৰুৱাৰীলৈকে চলিব।

Your Comments