প্ৰতিবাদী কৃষক আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজৰ নৱমলানি আলোচনাও ব্যৰ্থ

Pic

দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষক সমাজ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত আলোচনা পুনৰ বিফল।শুকুৰবাৰে প্ৰতিবাদী কৃষকসকলৰ নেতৃবৰ্গ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত দিল্লীৰ বিজ্ঞান ভৱনত হোৱা নৱম লানি আলোচনাও বিফল হয়।উল্লেখ যে উচ্চতম ন্যায়ালয়ে কৃষক আন্দোলন সন্দৰ্ভত এখন সমিতি গঠন কৰাৰ পিছত এয়া আছিল প্ৰথমলানি আলোচনা।প্ৰতিবাদী খেতিয়কসকল কৃষি আইন বাতিল কৰাৰ দাবীত অটল হৈ থকাৰ বাবেই আলোচনা ব্যৰ্থ হয়।আনহাতে,কেন্দ্ৰীয় চৰকাৰে কৃষি আইনত সংশোধনৰ কথা দোহাৰে।পুনৰ আলোচনা অনুষ্ঠিত হ'ব অহা ১৯ জানুৱাৰীত।

Your Comments