আজিৰ দিনটোৰ বিষয়ে জানো আহক...

Pic

সর্বশেষ ব্রিটিছ জেনেৰেল ছাৰ ফ্রান্সিছ বুচাৰৰ পিছতে  ভাৰতীয় সেনাবাহিনীৰ প্রথম কামাণ্ডাৰ-ইন-চিফ হিচাপে ১৯৪৯ চনৰ ১৫ জানুৱাৰীত দায়িত্ব লোৱাৰ বাবে ফিল্ড মাৰ্ছাল কোদান্দেৰা এম কাৰিয়াপ্পা (তৎকালীন লেফটেনেন্ট জেনেৰেল)ৰ স্বীকৃতি স্বৰূপে ভাৰতবৰ্ষত প্রতিবছৰে ১৫ জানুৱাৰী দিনটো সেনা দিৱস হিচাপে উদ্‌যাপিত হয় ৷

 এই দিৱসটো ৰাজধানী চহৰ নতুন দিল্লীৰ লগতে সকলো সদৰ দফতৰত পেৰেড আৰু অন্যান্য সামৰিক অনুষ্ঠানেৰে  পালন কৰা হয়। ২০২১ চনৰ ১৫ জানুৱাৰীত ভাৰতৰ ৭৩ সংখ্যক ভাৰতীয় সেনা দিৱস নতুন দিল্লীত উদ্‌যাপন কৰিছে ৷ দেশ আৰু ইয়াৰ নাগৰিকসকলৰ সুৰক্ষাৰ বাবে নিজৰ প্রাণ উৎসর্গা কৰা বীৰ সেনানীক সন্মান জনাবলৈও সেনা বাহিনী দিৱস পালন কৰা হয় ।

Your Comments