ভাৰতবৰ্ষৰ ৫খন ৰাজ্যত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ অ’ৰেঞ্জ এলাৰ্ট

Pic

প্ৰচণ্ড শীতত কঁপিছে দিল্লী-NCR অঞ্চলৰ লগতে সমগ্ৰ উত্তৰ ভাৰত। কেৱল শীতেই নহয়,কুঁৱলীয়ে ঢাকি ৰাখিছে সমগ্ৰ উত্তৰ ভাৰত।দিল্লীত বুধবাৰে নিম্নতম তাপমাত্ৰা আছিল ৪.৮°চেন্টিগ্ৰেড।একেদিনাই দেশৰ ৰাজধানী চহৰখনকো ঘন কুঁৱলীয়ে ঢাকি ৰাখিছিল।পঞ্জাব,হাৰিয়ানা, উত্তৰাখণ্ড,জম্মু-কাশ্মীৰতো নামিছে প্ৰচণ্ড শীত।

পৰৱৰ্তী ৪-৫ দিন শীতৰ সম্ভাৱনা থকাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অ’ৰেঞ্জ এলাৰ্ট জাৰি কৰিছে দিল্লী,পঞ্জাব,হাৰিয়ানা, চণ্ডীগড় আৰু ৰাজস্থানত ৷ এই অঞ্চলসমূহত শীতৰ প্ৰকোপ বৃদ্ধি পাব বুলি ভৱিষ্যতবাণী কৰিছে বতৰ বিজ্ঞান বিভাগে।

তদুপৰি, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশতো শীতৰ প্ৰকোপ বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ কৰিছে বিভাগটোৱে।

Your Comments