ব্ৰিটেইনত নতুন কৰ’না ভাইৰাছৰ ষ্ট্ৰেইনৰপৰা বাচিবলৈ পুনৰ লক্‌ডাউন

Pic

কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেইনে মানৱ জীৱনলৈ আকৌ এবাৰ ভাবুকি নমাই অনাৰ পিছত এতিয়া ব্ৰিটেইনত দিয়া হৈছে পুনৰ লকডাউন।প্ৰধানমন্ত্ৰী বৰিছ জনচনে সোমবাৰে লক্‌ডাউন ঘোষনা কৰি কয় যে ইংলেণ্ডৰ প্ৰায় ৫৬ মিলিয়ন লোক পুনৰবাৰ সম্পূৰ্ণ বন্ধৰ আওতালৈ ঘূৰি আহিব এই লকডাউনৰ ফলত।দ্ৰুতভাৱে বিয়পি পৰা কৰ’নাক প্ৰতিহত কৰিবলৈ ফেব্ৰুৱাৰীৰ মাজভাগলৈকে এই লকডাউন বলৱৎ থাকিব বুলি জানিব পৰা গৈছে । ব্ৰিটেইনত বুধবাৰৰপৰা বন্ধ থাকিব সকলো বিদ্যালয়। ব্ৰিটেইনত কৰ’না ভাইৰাছৰ ফলত মৃত্যুৰ হাৰ বৃদ্ধি পাইছে ৷ ফলত জনসংখ্যাৰ প্ৰায় কিছুসংখ্যক লোক ইতিমধ্যে কঠিন নিষেধাজ্ঞাৰ সন্মুখীন হ’ব লগা হৈছে।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে জনাইছে যে সোমবাৰে ক’ভিডত সংক্ৰমিত প্ৰায় ২৭,০০০ গৰাকী লোক চিকিৎসালয়ত চিকিৎসাধীন হৈছে ৷ এই সংখ্যা ২০২০ বৰ্ষৰ এপ্ৰিলত কৰ’নাৰ প্ৰথম সোঁততকৈ ৪০% বেছি।

উল্লেখযোগ্য যে ব্ৰিটেইনত মঙলবাৰে ৮০,০০০ জনতকৈ অধিক লোক ২৪ ঘন্টাৰ ভিতৰত কৰ’নাৰ নতুন ষ্ট্ৰেইনত আক্ৰান্ত হৈছে।

Your Comments