২৬/১১ ঘটনাৰ মূল ষড়যন্ত্ৰকাৰী জাকিউৰ ৰহমান লাখবীক পাকিস্তানত গ্ৰেপ্তাৰ

Pic

মুম্বাইক ৰক্তাক্ত কৰা ২৬/১১ৰ মূল ষড়যন্ত্ৰকাৰী কুখ্যাত সন্ত্ৰাসবাদী জাৰিউৰ ৰহমান লাখবীক পাকিস্তান আৰক্ষীয়ে শণিবাৰে গ্ৰেপ্তাৰ কৰিছে। চৈয়দ ই তৈৱাৰ মুৰব্বী লাখবীৰ নাম মুম্বাইৰ ২৬/১১ ঘটনাৰ জৰিয়তে পোহৰলৈ আহিছিল । ৰহস্যৰ বিষয় এই যে, পাকিস্তান প্ৰশাসনে কোন ঠাইৰ পৰা সন্ত্ৰাসবাদীটোক গ্ৰেপ্তাৰ কৰা হৈছে সেই বিষয়ে বৰ্তমানলৈকে কোনো তথ্য প্ৰকাশ কৰা নাই। জানিব পৰা গৈছে, পাকিস্তানৰ প্ৰশাসনৰ এক গুৰুত্বপূৰ্ণ অভিযানৰ পিছত আতংকবাদী কাৰ্যকলাপৰ লগতে ধন দাবী কৰাৰ গোচৰৰ লগত জড়িত থকাৰ অপৰাধত লাখবীক গ্ৰেপ্তাৰ কৰা হৈছে।

Your Comments