মাৰ্কিন যুক্তৰাষ্ট্ৰত ভয়াৱহ গতিত বিয়পিছে মগজু খোৱা এমিবা

Pic

কৰ’নাৰ পিছতে আমেৰিকাত দেখা দিছে এটা নতুন ৰোগে । এই ৰোগ সৃষ্টি হয় মগজু খোৱা এবিধ এমিবাৰ(Brain Eating Amoeba)ৰপৰা ৷ এই ৰোগৰ বলি হৈ আমেৰিকাত এইপৰ্যন্ত বহুকেইজন লোকৰ মৃত্যু হৈছে। এই এমিবাৰ নাম নেগলেৰিয়া ফাওলেৰী(Naegleria fowleri) ৷ চিকিৎসকসকলে জানিবলৈ চেষ্টা কৰি আছে এই এমিবা ক’ৰ পৰা আহিছে যদিও এতিয়ালৈকে সঠিক সম্ভেদ উলিয়াব পৰা নাই ৷ বৰ্তমান নেগলেৰিয়া ফাওলেৰী এমিবা আমেৰিকাৰ দক্ষিণ প্ৰান্তৰ ৰাজ্যসমূহত বিয়পি পৰিছে। জলবায়ু পৰিৱৰ্তনেই এই এমিবা সংক্ৰমণৰ মূল কাৰণ বুলি ভবা হৈছে। জানিব পৰা অনুসৰি, নেগলেৰিয়া ফাওলেৰী নামৰ এই মাৰাত্মক এমিবাই (Brain Eating Amoeba) মগজু খাই পেলায়। মগজু খাই পেলোৱা এই এমিবা অৰ্থাৎ নেগলেৰীয়া ফাওলেৰী সাধাৰণতে হ্ৰদ, নদী আৰু গৰম পানীৰ হ্ৰদ বা মাটিত থকা গৰম সতেজ পানীত পোৱা যায়।এই এককোষীৰ সংক্ৰমণৰ বেমাৰ অতি ঘাতক আৰু মৃত্যু নিশ্চিত । নেগলেৰিয়া ফাওলেৰীৰ সংক্ৰমণৰ মুখ্য লক্ষণ সমূহ হ’ল প্ৰচণ্ড মূৰৰ বিষ, জ্বৰ আৰু বমি।ইয়াৰ বাহিৰেও ডিঙিৰ বিষ, প্ৰলাপ বকা, মানসিক বিকাৰগ্ৰস্ততা আৰু ক’মা অৱস্থালৈ যোৱাও দেখা যায়। বিজ্ঞানীসকলৰ মতে সঠিক সময়ত নেগলেৰিয়া ফাওলেৰী ৰোগৰ বিষয়ে অৱগত হ’লে সংক্ৰমিত ব্যক্তিৰ প্ৰাণ ৰক্ষা কৰিব পৰা যায়।

Your Comments