এটা কণীৰ দাম ৩০ টকা!প্ৰতি কেজি আদাৰ দাম ১০০০ টকা,পাকিস্তানত মুদ্ৰাস্ফীতি

Pic

২০১৯ৰ ডিচেম্বৰ মাহৰ পৰাই পাকিস্তানত চলিছে অৰ্থনৈতিক মন্দাৱস্থা। মুদ্ৰাস্ফীতিৰ ফলত এতিয়া বজাৰত সকলো বস্তুৰে দাম। প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ সাধাৰণ মানুহ ভীষণ অসুবিধাৰ সন্মুখীন হৈছে। 

পাকিস্তানৰ বিখ্যাত বাতৰি কাকত ‘দ্যা ডন’-এ প্ৰকাশ কৰিছে যে, এই মুহূৰ্তত লাহোৰত এটা কণীৰ দাম হৈছেগৈ ৩০ টকা। এক ডজন কিনিবলৈ খৰচ কৰিবলগীয়া হৈছে ৩৫০ টকা। আনহাতে আদাৰ কিলোৱে অতিক্ৰম কৰিছে হাজাৰৰ ঘৰ। পাকিস্তান চৰকাৰৰ অনেক প্ৰতিশ্ৰুতিৰ পাছতো চূড়ান্তভাৱে ব্যৰ্থ হৈছে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত।

মানুহৰ আৰ্থিক অৱস্থা উন্নতি কৰাৰ প্ৰতিশ্ৰুতি দিছিল ইমৰাণ খানে। কিন্তু এই পৰ্যন্ত চূড়ান্তভাৱে ব্যৰ্থ হৈছে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত।

যোৱা বছৰ ডিচেম্বৰ মাহত ৪০ কেজি গম ক্ৰয় কৰিবলৈ খৰচ কৰিবলগীয়া হৈছিল ২ হাজাৰ টকাত আৰু বৰ্তমান প্ৰতি কেজি গম বিক্ৰী হৈছে ৬০ টকাত।অৰ্থাত্‍ ৪০ কেজি গমৰ দাম ২,৪০০ টকা। তথাপিও সাধাৰণ মানুহৰ কষ্টৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব নিদিয়াটোৱে সকলোকে চিন্তাত পেলাইছে।

Your Comments