পৃথিৱীৰ শেষ প্ৰান্তৰতো কৰ’নাই বসতি পাতিলে,সবিশেষ জানো আহক

Pic

অৱশেষত পৃথিৱীৰ একমাত্ৰ কৰ’নামুক্ত প্ৰান্তৰ এণ্টাৰ্কটিকাতো পাতিলে কৰ’নাই বাসস্থান । এই ৰোগৰ বীজাণু বিয়পিবলৈ বাকী নাথাকিল বিশ্বৰ কোনো স্থান ৷ চিলীৰ সেনাৰ সূত্ৰৰ পৰা জানিবপৰা গৈছে,এই সপ্তাহত বৰফময় সমুদ্ৰ আৰু হিমশৈলৰে ঘেৰা এটা গৱেষণা কেন্দ্রৰপৰা সকলো স্বাস্থ্যকর্মী আৰু সেনা বিষয়াক আঁতৰাই অনা হৈছে । তেওঁলোকক পৃথককৈ কোৱাৰেন্টিনত ৰখাৰ ব্যৱস্থা কৰা হৈছে। চিলীৰ সেনাবাহিনীয়ে জনাইছে যে ৩৬জন লোক ক’ভিড-১৯ ৰোগত আক্রান্ত হৈছে।তেওঁলোকৰ ভিতৰত ২৬জন সেনা জোৱান আৰু বাকী ১০জন স্বাস্থ্যকর্মী। বৰফেৰে ঘেৰা আন্টাৰ্কটিকা মহাদেশো বাদ নপৰিল এই মাৰাত্মক ভাইৰাচৰ কবলৰ পৰা ।

Your Comments