নতুন ক'ৰনা ভাইৰাছৰ কৱলত ইটালী

Pic

ক’ভিড-১৯ৰ নতুন ষ্ট্ৰেইনে পাশ্চাত্যৰ পুনৰ বিভীষিকাৰ আৰম্ভ কৰিছে ।  ব্রিটেইনৰ পিছত এইবাৰ নতুন ভাইৰাছৰ কবলত পৰিল ইটালী ৷ ইটালীৰ দুজন ব্যক্তিৰ দেহত পোৱা গৈছে কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেইন।  দেওবাৰে ইটালীৰ স্বাস্থ্য মন্ত্রালয়ৰ সূত্রৰ পৰা জানিব পৰা গৈছে এই তথ্য ।

Pic

জানিবলৈ পোৱা অনুসৰি কেইদিনমান আগতে এজন আক্রান্ত আৰু তেওঁৰ সঙ্গী ব্রিটেইনৰপৰা ইটালীলৈ ঘুৰি আহিছিল ।  উল্লেখযোগ্য যে ইটালী পোৱাৰ আগতে প্রথমে ৰোমৰ ফিউমিচিন’ বিমানবন্দৰত নামিছিল তেওঁলোক । বৰ্তমান আক্ৰান্ত ব্যক্তি দুজন আইচ’লেচনত আছে ৷

Your Comments