তৰুণ গগৈৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে সুকীয়া স্থান বিচাৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ দেৱব্ৰত শইকীয়াৰ

Tarun Gogoi

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে সুকীয়া স্থান বিচাৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ পত্ৰ বিধানসভা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ।

অসমৰে বাবে প্ৰয়াত গগৈয়ে ডাঙৰ অৱদান দি থৈ গ'ল।১৫ বছৰীয়া কাৰ্যকালত তেওঁ সবল নেতৃত্ব প্ৰদান কৰি অসমলৈ শান্তি উভতাই আনি বিকাশৰ পথ প্ৰশস্ত কৰিছিল,তেনে এজন অসম সন্তানক সন্মান জনোৱাটো চৰকাৰৰ দায়িত্ব।

তৰুণ গগৈদেৱৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে সুকীয়া স্থান ৰক্ষাৰ নিৰ্ধাৰণ কৰাৰ বাবে সমাধিস্থল স্থাপন কৰিব পৰা যাব।এইদৰে পত্ৰত উল্লেখ কৰিছে শইকীয়াই।

Your Comments