কলিয়াবৰৰ পৰ্যটনক লৈ 'টুৰিষ্ট গাইড প্ৰশিক্ষণ' সম্পন্ন 

Kaliabor

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰই বৰ্তমান  সময়ত দেশৰ পৰ্যটন মানচিত্ৰত বিশেষভাৱে স্থান লাভ কৰি দৃষ্টি আকৰ্ষণ কৰিছে পৰ্যটনপ্ৰেমীৰ৷ ইয়াৰ মাজতে কলিয়াবৰৰ প্ৰথম আৰু একমাত্ৰ পৰ্যটন সম্পৰ্কীয় অনুষ্ঠান ’কলিয়াবৰ ট্যুৰ এণ্ড ট্ৰেভেলছৰ’ ব্যৱস্থাপনাত ২২ নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় এটা ’টুৰিষ্ট গাইড প্ৰশিক্ষণ শিবিৰ।'পৰ্যটনক স্বাৱলম্বনৰ এটা পথ হিচাপে চিহ্নিত কৰি এই ক্ষেত্ৰখনলৈ নৱপ্ৰজন্মৰ যুৱক -যুৱতীসকলক আকৰ্ষিত কৰাৰ প্ৰয়াসেৰে কলিয়াবৰ মহকুমা প্ৰশাসন আৰু চাৰেণ আহমৰ সহযোগত অনুষ্ঠানটিয়ে আয়োজন কৰা প্ৰশিক্ষণ শিবিৰটিত প্ৰশিক্ষক হিচাপে উপস্থিত থাকি কলিয়াবৰ মহাবিদ্যালয়ৰ পৰ্যটন বিভাগৰ প্ৰবক্তা আচিফ আহমেদ৷ ইয়াৰ লগতে ফ্ৰেঞ্চ আৰু জাৰ্মান ভাষা সন্দৰ্ভত বিশেষ বক্তব্য প্ৰদান কৰে ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ ফ্ৰাঞ্চ ভাষাৰ অধ্যাপক দেৱপ্ৰতিম ভৰালীয়ে৷কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তথা সমাজকৰ্মী নৃপেন চন্দ্ৰ কেঁওটে সঞ্চালনা কৰা প্ৰশিক্ষণ শিবিৰটোৰ অন্তত প্ৰশিক্ষাৰ্থীসকলক লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চল এলেকাত এটা ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণ অনুষ্ঠান সম্পন্ন কৰায় কলিয়াবৰ ট্যুৰ এণ্ড ট্ৰেভেলছে৷ প্ৰশিক্ষণ শিবিৰটিৰ অন্তত কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগ উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলক উৎসাহ যোগোৱাৰ লগতে কলিয়াবৰৰ পৰ্যটনে বিশ্বৰ পৰ্যটন মানচিত্ৰত এক নতুন পৰিচয় গঢ়িবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে৷অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা প্ৰশিক্ষণ শিবিৰটিত কলিয়াবৰৰ পৰ্যটন উদ্যোগৰ লগত জড়িত ব্যক্তি,শুভাকাংক্ষীৰ লগতে হ’ম ষ্টে'ৰ স্বত্বাধিকাৰ, ট্যুৰিষ্ট গাইড,পৰ্যটন উদ্যোগীৰ লগতে বহু আগ্ৰহী যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে৷কলিয়াবৰ ট্যুৰ এণ্ড ট্ৰেভেলছৰ উদ্যোগতে কলিয়াবৰৰ পৰ্যটনে এক নতুন মাত্ৰা লাভ কৰাৰ আশা কৰিছে সকলোৱে৷ উল্লেখ্য যে কলিয়াবৰত বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি আৰু বুঢ়াপাহাৰকে লৈ দুখনকৈ মূল বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ লগতে ব্ৰহ্মপুত্ৰৰ মাজত শেহতীয়াকৈ সংযোজন কৰা হৈছে নদী পৰ্যটন৷যাৰ জৰিয়তে দেশ-বিদেশৰ পৰ্যটকে নাওত উঠি নদীপথেৰেও কলিয়াবৰৰ লগতে কাজিৰঙাৰ বন্যপ্ৰাণী আৰু শোভা উপভোগ কৰিব পাৰিব৷ইয়াৰ উপৰিও হদহদী, ভালুকজুৰিকে ধৰি দুটা অনুপম জনপ্ৰপাত, ইংৰাজৰ চাহ বাগিছা,বাংল’,খাৰঘৰ,জান- জুৰি নিজৰাৰ লগতে পৰ্যটকসকল নৈশ যাপনৰ বাবে আছে ঘৰুৰা পৰিৱেশত থকামেলাৰ ব্যৱস্থা৷ৰেল পথ আৰু ৰাষ্ট্ৰীয় পথেৰেও সংযোগ ঘটা কলিয়াবৰৰ পৰ্যটন উদ্যোগত যোগাযোগৰো আছে সুন্দৰ সুবিধা৷ এই সকলোখিনি লৈ কলিয়াবৰ ট্যুৰ এণ্ড ট্ৰেভেলছে কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ কৰা প্ৰয়াসৰ শলাগ লৈছে সকলোৱে৷

Your Comments