নলবাৰীত 'বিশ্ব দৰ্শন দিৱস' উদযাপন

Ghagrapar

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

১৯ নৱেম্বৰত নলবাৰী মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ নৱনিযুক্ত সহকাৰী অধ্যাপিকা ড° মলয়া বড়াৰ উদ্যোগত প্ৰথমবাৰৰ বাবে বিশ্ব দৰ্শন দিৱস উদযাপন কৰা হয়।আৰম্ভণিতে দৰ্শন বিভাগৰ সহকাৰী অধ্যাপিকা মনোমতী ডেকাই অনুষ্ঠানটোৰ উদ্যেশ্য বাখ্যা কৰে। অনুষ্ঠানটোত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমল নয়ন পাটোৱাৰী,উপাধ্যক্ষা গীতিমা বুজৰবৰুৱা,প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক কুমুদ ৰাভাক সম্বৰ্ধনা জনোৱা হয়। দৰ্শন বিভাগৰ সহকাৰী অধ্যাপিকা ড° মলয়া বড়াই বিশ্ব দৰ্শন দিৱসৰ তাৎপৰ্য্যৰ লগতে বসুধৈৱ কুটুম্বকম( Vasudhaiva Kutumbakam) আৰু দীপ ইকোলজি(Deep Ecology)ৰ বিষয়ে চমু মন্তব্য আগবঢ়ায়‌।অনুষ্ঠানটোৰ লগত সংগতি ৰাখি অধ্যক্ষ,উপাধক্ষ্য,শিক্ষক, ছাত্ৰ-ছাত্ৰীসকলে বৃক্ষৰোপন কাৰ্য্যসূচী  ৰূপায়ণ কৰে।

অধ্যক্ষৰ সাৰুৱা বক্তব্যৰ লগতে তেওঁ কন্ঠদান কৰা এটি গীতে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে। তেওঁৰ লগতে অনুষ্ঠানটোত গীত পৰিবেশণ কৰে দৰ্শন বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী বাগ্মীতা কাশ্যপ আৰু পঞ্চম ষান্মাসিকৰ ছাত্ৰ চিন্ময় কলিতাই।অধ্যাপক কুমুদ ৰাভাই পৰিৱেশ তথা উদ্ভিদৰ গুণাগুণ সম্পৰ্কে বক্তব্য প্ৰদান কৰে।মহাবিদ্যালয়ৰ অধ্যক্ষ,উপাধ্যক্ষ,দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপিকা পূৰৱী তালুকদাৰ,সহকাৰী অধ্যাপিকা মনোমতী ডেকা,ৰাজশ্ৰী গোস্বামীৰ লগতে অন্যান্য শিক্ষকবৃন্দ তথা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠানটো সূচাৰুৰূপে পালন কৰা হয়।

 

Your Comments