২৯-৩১ জানুৱাৰীত সদৌ অসম ট্ৰাইবেল সংঘৰ ৩৮ সংখ্যক ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশন

Jagiroad

জাগীৰোডৰ পৰা দীপক কলিতা:

জাগীৰোডৰ মকৰীয়াত অনুষ্ঠিত হ'ব সদৌ অসম ট্ৰাইবেল সংঘৰ ৩৮ তম্‌ ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশন ৷ ২৯, ৩০ আৰু ৩১ জানুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া সাধাৰণ অধিৱেশনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আয়োজক সমিতিয়ে ৷ তাৰেই অংশ হিচাপে শুকুৰবাৰে অভ্যৰ্থনা সমিতিৰ মুখ্য কাৰ্যালয় শুভ উদ্বোধন কৰা হয় ৷

Jagiroad

মকৰীয়াৰ গিৰিধৰ পাতৰ সোঁৱৰণি সমন্বয় ক্ষেত্ৰত আয়োজিত এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত অভ্যৰ্থনা সমিতিৰ মুখ্য কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰে নেলীৰ পৰম্পৰাগত তিৱা ৰজা ৰামচিং দেওৰজাই ৷ অহা ৭ ডিচেম্বৰত সদৌ অসম ট্ৰাইবেল সংঘৰ ৩৮ সংখ্যক বাৰ্ষিক সাধাৰণ অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হ'ব।

 

Your Comments