তাইগ্ৰে সন্ত্ৰাসবাদীক সহায় কৰাৰ অভিযোগ 'হু' প্ৰধানৰ বিৰুদ্ধে

'Who' Chief

নিজৰ ক্ষমতা প্রয়োগ কৰি তাইগ্রে সন্ত্ৰাসবাদীক সহায় কৰিছে বিশ্ব স্বাস্থ্য সংস্থা(WHO) প্রধান টেডৰ’জ আধানম ঘেব্রিয়েচুছ । তেওঁ নিজেও তাইগ্রে সম্প্রদায়ৰ লোক । সেয়েহে ইথিওপিয়াৰ সেনাবাহিনীৰ সৈতে যুদ্ধত লিপ্ত তাইগ্রে পিপলচ্‌ লিবাৰেচন ফ্রন্ট (TPLF) -ৰ সদস্যসকলক অস্ত্র যোগানেৰে সহায় কৰিছে বুলি অভিযোগ উত্থাপন হৈছে ৷ তাৰ লগতে বিভিন্ন দিশতো ঘেব্রিয়েচুছে সন্ত্ৰাসবাদীক কূটনৈতিক সাহায্য কৰিছে বুলিও দাবী কৰিছে ইথিওপিয়াৰ সেনাপ্রধান জেনেৰেল বিৰহানু জুলাই।

বৃহস্পতিবাৰে এই প্রসঙ্গত সেনা প্ৰধানজনে জনাইছে, বিশ্ব স্বাস্থ্য সংস্থাৰ প্রধান তাইগ্রে (Tigray) সম্প্রদায়ৰ লোক । ক্ষমতাৰ অপব্যৱহাৰ কৰি ইথিওপিয়াৰ সেনাৰ বিৰুদ্ধে যুদ্ধৰত সন্ত্ৰাসবাদীবোৰৰ সহায় কৰিছে।টেডৰ’জ আধানম ঘেব্রিয়েচুছৰ বিৰুদ্ধে এই অভিযোগ ব্যক্ত কৰিলেও সেই অভিযোগৰ সপক্ষে কোনো প্রমাণ অৱশ্যে দিব পৰা নাই জেনেৰেল বিৰহানু জুলাই ৷

আনহাতে,এই অভিযোগ সম্পূর্ণ ভিত্তিহীন বুলি দাবী কৰিছে বিশ্ব স্বাস্থ্য সংস্থা (WHO) প্রধানজনে।

Your Comments