তিৱা স্বায়ত্ত্ব পৰিষদৰ নিৰ্বাচনৰ বাবে সাজু মৰিগাঁও জিলা প্ৰশাসন

Tiwa

*মৰিগাঁও জিলাৰ ১৯ টা সমষ্টিৰ ১৯৩ টা ভোট কেন্দ্ৰত ভোট দান কৰিব ১,৪১,৪২৯ জন ভোটাৰে* 
*১৯ টা সমষ্টিৰে ৬ টা সমষ্টি অসংৰক্ষিত*
*১৭ ডিচেম্বৰত ভোট গ্ৰহণ আৰু ১৯ ডিচেম্বৰত ভোট গণনা*

#মৰিগাঁৱৰ পৰা জিতুমণি নাথ:

অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ বাবে সকলো সাজু কৰি তুলিছে মৰিগাঁও জিলা প্ৰশাসনে। আজি এই সন্দৰ্ভত মৰিগাঁও জিলা উপায়ুক্ত লীনা দাসে এখন সংবাদমেলৰ জৰিয়তে জিলা প্ৰশাসনে তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ বাবে গ্ৰহণ কৰা প্ৰস্তুতি  সন্দৰ্ভত অৱগত কৰে। জিলা উপায়ুক্ত লীনা দাসে সংবাদমেলৰ জৰিয়তে তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্রত সকলোৱে সহায় সহযোগীতা কামনা কৰি কয়, তিৱা স্বায়ত্ত পৰিষদৰ মুঠ ৩৬ টা সমষ্টি যদিও মৰিগাঁও জিলাত ১৯ টা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হব। ইয়াৰে কামৰূপ জিলাত ৬ টা সমষ্টি আৰু নগাঁও জিলা  ১১ টা সমষ্টিত নিজ নিজ প্ৰশাসনীয়  ব্যৱস্থাই নিৰ্বাচন অনুষ্ঠিত কৰিব। ২৫ নবেম্বৰত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন,২৬ নবেম্বৰত মনোনয়ন পত্ৰ পৰীক্ষা,২৮ নবেম্বৰত প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ,১৭ নবেম্বৰত ভোট গ্ৰহণ আৰু ১৯ নবেম্বৰত ফলাফল ঘোষণাৰ দিন ধাৰ্য্য। মৰিগাঁও জিলাৰ ১৯ টা সমষ্টিৰ বাবে ১৯৩ টা ভোট কেন্দ্ৰত মুঠ ১,৪১,৪২৯ জন ভোটাৰে ভোট দান সাব্যস্ত কৰিব। জিলাখনৰ ১৯ টা সমষ্টিত পুৰুষ ভোটাৰ ৭১,৬০০ জন আৰু মহিলা ভোটাৰ ৬৯,৮২৮ গৰাকী। তদুপৰি ১৯ টা সমষ্টিৰে ৬ টা সমষ্টি অসংৰক্ষিত,৩ টা সমষ্টি জনজাতীয় মহিলা আৰু বাকী ১০ টা সমষ্টি জনজাতীয় লোকৰ বাবে সংৰক্ষিত বুলি অৱগত কৰে।
অসংৰক্ষিত ৬ টা সমষ্টিৰ ভিতৰত আছে ২নং বৰঙণি,৩নং ভূৰবন্ধা,১০ নং তেতেলিয়া,১৫ নং বিহুবড়ী,১৭ নং ভোমোৰাগুৰি আৰু ১৯  নং বৰচিলা সমষ্টি। জনজাতীয় মহিলাৰ বাবে সংৰক্ষিত ৩ টা সমষ্টি হৈছে ৫ নং ঢেকিফলা,৬ নং মানিপুৰ আৰু ৭ নং গড়মাৰী সমষ্টি। বাকী জনজাতীয় বাবে সংৰক্ষিত ১০ টা সমষ্টি হৈছে ১ নং জামাদাৰী,৪ নং কোঁৱৰগাঁও,৮ নং ঘগুৱা,৯ নং দমাল,১১ নং জোনবিল,১২ নং ন-খোলা,১৩ নং নেলী খলা,১৪ নং গোভা,১৬ নং শ'লমাৰী আৰু ১৮ নং চাৰিপুনীয়া চাবোকধৰা।সংবাদমেলত জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া কে চি পেগু,অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ কুমাৰ শৰ্মা,ৰমী বৰুৱা,অজিত শৰ্মা,নিৰ্বাচন বিষয়া দ্বীপময় ঠাকুৰীয়াকে আদি কৰি জিলা প্ৰশাসনৰ বিষয়া আৰু কৰ্মচাৰী সকল উপস্থিত থাকে।  ##
---------------------------------------
জিতুমনি নাথ /মৰিগাঁও

Your Comments