সাৱধান,মহানগৰীত জালনোটসহ চাৰিজনক গ্ৰেপ্তাৰ

Pic

দুৰ্গা পূজাৰ আনন্দত মহানগৰীত বজাৰ কৰোতে আপুনি সাৱধান হওঁক।অন্যথা আপুনি নজনাকৈ আপোনাৰ ওচৰলৈ আহিব পাৰে জালনোট।পূজাৰ সুযোগ বুজি গুৱাহাটীত গঢ় লৈ উঠিছে বৃহৎ জাল নোট ব্যৱসায়ী চক্ৰ।

দুৰ্গা পূজাৰ আনন্দৰ মাজতে শনিবাৰে নিশা পাঞ্জাবাৰীত ক্ৰাইম ব্ৰান্সৰ এটা দলে ফখৰুদ্দিন আলি আহমেদ ৰোডৰ মিলন পথত অভিযান চলাই জব্দ কৰে।লাখ লাখ টকাৰ জাল নোট।লগতে এই অভিযানত মহানগৰীত জালনোট প্ৰস্তুতকাৰী চক্ৰ উৎখাত কৰে অভিযানকাৰী দলটোৱে।

Pic

উল্লেখ যে ক্ৰাইম ব্ৰান্সৰ অভিযানত জালনোট ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে নজৰুল হাছান, আফজালুৰ ৰহমান, নিজামুদ্দিন আৰু হামিদ আলী নামৰ ধৃত চাৰিটা সৰবৰাহকাৰী।অভিযানত আৰক্ষীয়ে জব্দ কৰিছে ১০ লাখতকৈও অধিক জালনোট।লগতে  জাল নোট চপা কৰা এটা মেচিন,বাইক আৰু কেইবাটাও মবাইল ফোন জব্দ কৰিছে ক্ৰাইম ব্রান্সৰ দলে।

গুৰুত্বপূৰ্ণ যে অপৰাধ শাখাৰ মতে সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চলত জালনোটৰ চোৰাং বেহা চলাইছিল চক্ৰটোৱে।গুৱাহাটীৰ পাঞ্জাবাৰীৰ ভাড়া ঘৰত থাকি দীৰ্ঘদিন ধৰি চলাই আহিছিল এই বেহা।

Your Comments