সুস্থ হৈ চিকিৎসালয়ৰ পৰা স্বগৃহলৈ উভতি আহিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

Tarun Gogoi

দীর্ঘদিন ধৰি চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সুস্থ হৈ স্বগৃহলৈ উভতিল।দেওবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী সুস্থ হৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা উভতি আহিল আপোন-গৃহলৈ।

উল্লেখ যে প্ৰায় দুমাহ ধৰি চিকিৎসাধীন হৈ আছিল গগৈ।যোৱা ২৬ আগষ্টত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ দেহত ক'ৰ'না ভাইৰাছ ধৰা পৰাৰ পিছত ভৰ্তি কৰোৱা হৈছিল জিএমচিএইচত।তাৰ পিছত অসুস্থ গগৈৰ এটা বিশেষ চিকিৎসক দলৰ নেতৃত্বত চিকিৎসা চলিছিল।

Your Comments