বাঘজানৰ জুই নুমুৱাবৰ বাবে আহিছে "এন্টন’ভ"

Antonov

দেশ-বিদেশৰ বহু বিশেষজ্ঞই নুমুৱাব পৰা নাই বাঘজানৰ জুই ৷ বাঘজানৰ জুইয়ে বহু প্ৰাকৃতিক সম্পদ পুৰি ছাই কৰি দিছে আৰু গৃহহীন হৈছে  যথেষ্টসংখ্যক লোক।

Antonov

মঙলবাৰে কানাডাৰ কেলগেৰী বিমান বন্দৰৰপৰা আহি বুধবাৰে কলকতাৰ বিমান বন্দৰত উপস্থিত হৈছেহি এইবাৰ জুই নুমুৱাৰ প্ৰচেষ্টাৰে "এন্টন’ভ" (এ.এন.১২৪) নামৰ বিশ্বৰ সৰ্ববৃহৎ অসামৰিকপৰিবহণ বিমানখন৷

উল্লেখযোগ্য যে এই বিমানখনে ৫৯কেজি ওজনৰ সা-সৰঞ্জাম কঢ়িয়াই আনে ৷ বৃহৎ আকাৰৰ এই বিমানখন অসমৰ বিমান বন্দৰত অৱতৰণ কৰোৱাতো সম্ভৱ নোহোৱাৰ বাবে কলকাতাত অৱতৰণ কৰে বিমানখনে ৷ যন্ত্ৰপাতিসমূহ শুকুৰবাৰে ট্ৰেইলাৰ যোগে আনি থকা হৈছে বাঘজানলৈ ৷ কেৱল ৰাতিৰ সময়চোৱাতহে চলিব বুলি খবৰ পোৱা এই ট্ৰেইলাৰ বাঘজান পাওঁতে সময় লাগিব মুঠ ১৪দিন ৷

এই অত্যাধুনিক যন্ত্ৰ-পাতিৰে অগ্নি নিৰ্বাপনৰ বাবে আহিছে বিদেশৰপৰা ৪জন বিশেষজ্ঞ ৷ তেলৰ খাদ ধ্বংসৰে চলাব লগা এই অভিযানত 'অইল'ৰ এইবাৰৰ সিদ্ধান্ত কাৰ্যকৰী হ’বনে নহয় সেয়া সময়েহে ক’ব ৷

Your Comments